গুৱাহাটী, ৫ মার্চ:আই এম ডি টি আইন বাতিলকৰণৰ বিৰোধীতাৰে জন্ম লোৱা এ আই ইউ ডি এফ দল তথা বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ সাংসদ হোৱা অজিৎ কুমাৰ ভূঞা(MP Ajit Kumar Bhuyan)ৰ অসমৰ ভাষা-সংস্কৃতি-ইতিহাস তথা জাতীয়তাবাদৰ বিষয়ে এটা কথা কোৱাৰ কোনো অধিকাৰ নাই । এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ । শনিবাৰে গুৱাহাটীস্থ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, কেৱল আসন আৰু শাসনৰ বাবে জাতীয়তাবাদী সত্বাক বিশ্বাসঘাতকতা কৰা অজিৎ ভূঞা প্ৰকৃততে এজন আধুনিক যুগৰ ‘মীৰজাফৰ’ (Pabitra Margherita criticizing MP Ajit Bhuyan)।
ঐতিহাসিক পলাচী যুদ্ধত বহতীয়া নবাব হোৱাৰ স্বাৰ্থতেই নিজে সেনাপতি হৈয়ো মীৰজাফৰে চিৰাজৌদুল্লাক বিশ্বাসঘাতকতা কৰি ৰবার্ট ক্লাইভ নেতৃত্বাধীন ইংৰাজ বাহিনীক সহায় কৰি সমগ্ৰ দেশ ইংৰাজ কোম্পানীৰ শাসনাধীন কৰাৰ পথ প্ৰশস্ত কৰিছিল । তদ্ৰুপ কার্যত ব্ৰতী অজিৎ ভূঞাই জাতীয়তাবাদী বচন আওঁৰাই এক কৌতুকলৈ নিজকে পর্যবসিত কৰিছে বুলি কয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে । সংবাদমেলত লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, ৮৫৫ জন শ্বহীদৰ হত্যাকাৰী, বেদখলকাৰীৰ পৃষ্ঠপোষক কংগ্ৰেছ দলৰ ওচৰত আত্মসমর্পণ কৰি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মুৰব্বী ক্ৰমে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে নিজকে ভাৰতীয় ইতিহাসৰ অন্যতম বিশ্বাসঘাতক চৰিত্ৰ ‘জয়চান্দ’ৰূপে প্ৰতিষ্ঠা কৰিলে ।