গুৱাহাটী ২৬ আগষ্ট:শুকুৰবাৰে অনুষ্ঠিত হয় হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১০০ তম কেবিনেত বৈঠক । ১০০ খন কেবিনেট বৈঠকৰ ভিতৰত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হয় ৩ খন, ৯ খন অনুষ্ঠিত হয় অসমৰ ৯ খন জিলা সদৰত ।
এই সম্পৰ্কত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক মুখ্যপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ সম্ভৱত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰ যিয়েই ১০০ খন কেবিনেট বৈঠক সফলভাৱে অনুষ্ঠিত কৰি প্ৰায় ৯৮ শতাংশ সিদ্ধান্তই কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে ।
লগতে কয় যে কয় ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটত সৰ্বমুঠ ১,২৩৮ টা সিদ্ধান্ত গ্রহণ কৰি ইয়াৰে ১,২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰিছে । এই সিদ্ধান্তসমূহৰ জৰিয়তে অসমৰ আৰ্থ-সামাজিক, শৈক্ষিক, আন্তঃগাঁথনি আদি সকলোবোৰ ক্ষেত্ৰতে বহু কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে ।
কেবিনেটসমূহ কেৱল দিছপুৰ কেন্দ্ৰিক নকৰি ৰাজ্যৰ ভিন ভিন প্ৰান্তত অনুষ্ঠিত কৰিছিল । ইয়াৰ জৰিয়তে চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী তথা বিষয়াই অধিক জনমুখী হোৱাৰ সুবিধা লাভ কৰিছিল । ৰাজ্য চৰকাৰৰ শততম কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰাজীয়ে অনাগত দিনত অসমৰ জনসাধাৰণক আৰু অধিক উপকৃত কৰি তুলিব ।