গুৱাহাটী,২৫ জানুৱাৰী :ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাযাৰ্লয়ত সোমবাৰে দলৰ মুখপাত্ৰদ্বয় সুভাষ দত্ত আৰু ৰঞ্জীৱ কুমাৰ শমাৰ্ই এক সংবাদ মেল সম্বোধন কৰে । দুয়োগৰাকী মুখপাত্ৰই নগাঁৱত সংঘটিত হোৱা ঘটনাটোৰ উচ্চ পযাৰ্য়ৰ তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় । তেওঁলোকে কয় যে এই ঘটনাৰ আলম লৈ একাংশ ৰাজনৈতিক ব্যক্তি বিশেষকৈ বিধায়ক অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত বক্তব্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমাৰ্ক লক্ষ্য কৰি সমালোচনা কৰি আছে (BJP spokesperson criticised Akhil Gogoi)।
তেওঁলোকৰ অভিযোগ মুখ্যমন্ত্ৰীক সমালোচনাৰ নামত বিধায়ক অখিল গগৈয়ে বিশেষকৈ ড্ৰাগছ মাফিয়া, চোৰাং সৰবৰাহকাৰী, গাঞ্জা আৰু আফিং খেতি কৰা মাফিয়াক সুৰক্ষা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে (BJP spokesperson says Akhil is protecting drug mafia) ৷ কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ বলিষ্ঠ নেতৃত্বত ২০২১ চনৰ ১০ মে’ পৰা ২০২২ চনৰ ১৬ জানুৱাৰীলৈকে এন ডি পি এছ (NDPS) আইনৰ অধীনত ত সৰ্বমুঠ ১৯৮৫টা গোচৰ পঞ্জীভূত হোৱাৰ লগতে ৩৩৮৫ জন ব্যক্তি গ্ৰেপ্তাৰ হৈছে ৷
মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৬১.০৯১ কিলোগ্ৰাম হেৰ'ইন, ১৪২০৫.৯৬ কিলোগ্ৰাম গাঞ্জা, ৪৩.০৫ কিলোগ্ৰাম আফিং, ১,৩৭,৩২৪ বটল নিচাযুক্ত কফ চিৰাপ, ২৮,৭৫,৯৩১টা নিচাযুক্ত টেবলেট, ৩.৫৬০১ কিলোগ্ৰাম মৰফিন, ৩৩১৪ কিলোগ্ৰাম পপি ষ্ট'(Poppy Straw), কোকেইন ২,২৯২৬ কিলোগ্ৰাম, ২১৩.৯৩ কিলোগ্ৰাম ভাঙৰ লগতে ৩.৩৭৫ কিলোগ্ৰাম অন্যান্য নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ উপৰিও নগদ ভাৰতীয় মুদ্ৰা ২২,৬৩৫,৬১৮ টকা, ২৭, ৯৬৫ বিদেশী মুদ্ৰা আৰু ৩৬,৮০০ নকল ভাৰতীয় নোট জব্দ কৰিছে ৷