গুৱাহাটী, ১৩ জুলাই:বৃহস্পতিবাৰে এ আই ইউ ডি এফ সভাপতি মৌলানা বদৰুদ্দিন আজমলক অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত উভতি ধৰিলে অসম ৰাজ্যিক বিজেপিয়ে ৷ আজমলে অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে অসম আৰু অসমীয়া হৈছে এক পৰিপূৰক শব্দ । অসমীয়া মানুহৰ আৰবীয় সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এইদৰে মন্তব্য় আগবঢ়ায় ।
আজমলে মিঞা শব্দটো অসমক জাপি দিব বিচাৰিছে । এই কথাই আজমল যে এজন অসমীয়া নহৈ এজন মিঞা তাকেই প্ৰমাণ কৰিছে বুলি তেওঁ মন্তব্য় কৰে । ভাৰতীয় জনতা পাৰ্টী যেতিয়ালৈ থাকিব তেতিয়ালৈ আজমলে কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰে বুলি কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ।
আনহাতে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত উক্ত সংবাদমেলত কংগ্ৰেছ দলকো চোকা সমালোচনাৰে থকা সৰকা কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ৷ "কংগ্ৰেছ দলে কেৱল গান্ধী পৰিয়ালৰ বাহিৰে আন একো চিনি নাপাই । কংগ্ৰেছ দলৰ মূল উদ্দেশ্যই হৈছে গান্ধী পৰিয়ালৰ সুৰক্ষা আৰু সংৰক্ষণ ।" এই মন্তব্য় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।