গুৱাহাটী ২৬ ছেপ্টেম্বৰ:বিজেপি দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অটুট ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । সমাগত লোকসভা নির্বাচনকে আদি কৰি অন্যান্য নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বুথ সৱলীকৰণ অভিযান আৰম্ভ কৰিছে । এক সপ্তাহজোৰা এই অভিযান অহা ২ অক্টোবৰ তাৰিখে সামৰণি পৰিব । বিজেপিৰ সকলো স্তৰৰ নেতা-কর্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।
ৰাজ্যিক বিজেপিৰ চলিত কাৰ্যসূচীৰ ওপৰত দলৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্র মনোজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে । বৰুৱাই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ কার্যক্রম কেৱল নির্বাচনকেন্দ্রিক নহয় । জনসাধাৰণৰ কল্যাণার্থে বিজেপিয়ে বিভিন্ন সেৱামূলক কার্যক্রমো গ্ৰহণ কৰি আহিছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্র “সেৱা পষেক” কাৰ্যসূচীৰ আধাৰত দলীয় কার্যকৰ্তাসকলে দেশজুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে ।
তেওঁ লগতে কয়, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বমুঠ ২৩৪৬ ইউনিট ৰক্তদান কৰিছে । অনুসূচীত জনজাতি মৰ্চায়ো সকলো জিলাতে জনসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ মনোভাৱ গ্ৰহণ কৰিছে । সংখ্যালঘু মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে গ্রাম্য এলেকাৰ জনসাধাৰণে চৰকাৰৰ সা-সুবিধাসমূহ পর্যাপ্ত পৰিমাণে লাভ কৰিছে নাই কৰা সেই সম্পৰ্কে অভিযান চলাইছে । কিষাণ মৰ্চাৰ কাৰ্যকৰ্তাসকলে দৰিদ্ৰ জনসাধাৰণৰ মাজত আয়ুষ্মান কার্ড বিতৰণ কৰাৰ লগতে চাহ মৰ্চা আৰু মহিলা মৰ্চায়ো বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰিছে । একেদৰে অবিচি মৰ্চাৰ তৰফৰ পৰাও পি এম বিশ্বকৰ্মা যোজনা আঁচনিৰ সম্পৰ্কত ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বাইক ৰেলী আদিৰ ব্যৱস্থা কৰা হৈছে ।