গুৱাহাটীঃদেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত www.reportcard100plus.in নামৰ এটা ৱেবচাইট মুকলি কৰে ।
ৰাজ্য়িক বিজেপিৰ ৰিপৰ্ট কাৰ্ডৰ ৱেবচাইট মুকলি - ৰিপৰ্ট কাৰ্ডৰ ৱেবচাইট
চৰকাৰে লোৱা সকলো আঁচনিৰ সংশ্লিষ্ট বিৱৰণও থাকিব এই ৱেবচাইটোত ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী লগতে ৰাজ্যিক সভাপতি শ্ৰী ৰণজিৎ কুমাৰ দাস ।
এই ৱেবচাইটৰ জৰিয়তে ৰাজ্য সকলো জনসাধাৰণে নিজৰ মতামত তথা অভিযোগ যিকোনো ঠাইৰ পৰাই প্ৰেৰণ কৰিব পাৰিব । উল্লেখযোগ্য যে চৰকাৰে লোৱা সকলো আঁচনিৰ সংশ্লিষ্ট বিৱৰণও থাকিব এই ৱেবচাইটোত । আনহাতে এই অনুষ্ঠানতে বিজেপি বাৰ্তা নামৰ আলোচনী খনৰ অনলাইন প্ৰতিলিপিও মুকলি কৰা হয় । যাৰ জৰিয়তে দেশৰ যিকোনো ঠাইৰ পৰাই এই আলোচনী খন বিনামূলীয়া কৈ উপলব্ধ হব । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী লগতে ৰাজ্যিক সভাপতি শ্ৰী ৰণজিৎ কুমাৰ দাস ।
লগতে পঢ়কঃ সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ ৪ মাৰ্চত দাখিল নহয় ৰাজ্যিক বাজেট