ভূপেন বৰাক সমালোচনা সাংসদ মাৰ্ঘেৰিটাৰ গুৱাহাটী, ৮ নবেম্বৰ:"ভূপেন বৰাই জেইলৰ ভিতৰত লিখিব লগীয়া কবিতাৰ বিষয় বাচনিৰ সময় হৈছে । শীঘ্ৰেই ভূপেন বৰাও গ্ৰেপ্তাৰ হ’ব । আজমলো যাব লাগিব জেইললৈ ।" এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক অনুস্থানত উপস্থিত থাকি সাংবাদিকৰে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে এইদৰে কয় ৷
তেওঁ কয় যে যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সৰ্বত্ৰে উন্নয়নৰ বাবে কাম কৰি আছে, সেই সময়তে কোনো ইছ্যু নথকা বাবেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফে পৰিবেশ বিনষ্ট কৰিবৰ বাবে ইটোৰ পিছত সিটো সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি আছে । সাম্প্ৰদায়িক মন্তব্য দিয়াটো কংগ্ৰেছৰ এজেণ্ডাৰ এটা অংশ । সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছে সনাতন সাংস্কৃতিক ডেংগু, মেলেৰিয়া, এইডছ বেমাৰৰ সৈতে তুলনা কৰিছে ।
সাংসদ মাৰ্ঘেৰিটাই লগতে কয় যে শ্ৰীকৃষ্ণক লাভ জেহাদী সজাই ভূপেন বৰাই সাম্প্ৰদায়িক মন্তব্য দিয়াৰ আৰম্ভনি কৰিছিল । ইতিমধ্যে সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লা গ্ৰেপ্তাৰ হৈছে । শীঘ্ৰেই ভূপেন বৰাও গ্ৰেপ্তাৰ হ’ব । সেয়েহে ভূপেন বৰাই জেইলৰ ভিতৰত লিখিবলগীয়া কবিতাৰ বিষয় বাচনিৰ সময় হৈছে । লগতে আজমলো যাব লাগিব জেইললৈ । ‘‘জাতি, ধৰ্ম, বৰ্ণ, ৰাষ্ট্ৰ বিৰোধী, সাম্প্ৰদায়িক, আইন বিৰোধী মন্তব্য কৰিলে ময়ো আইনৰ ৰোষত পৰিম’’ বুলি মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে ।
উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাৰ দুটা বিতৰ্কিত মন্তব্যই ৷ আজমলে মুছলমানৰ ভৰি ধোৱা পানী খাবলৈ কোৱাৰ বিপৰীতে বিধায়ক মোল্লাই নামঘৰীয়া আৰু মন্দিৰৰ সাধুক ধৰ্ষণকাৰী আখ্যা দিছিল ৷ ইতিমধ্য়ে মঙলবাৰে নিশা বিধায়ক মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বুধবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে বিধায়ক আফতাব উদ্দিন মোল্লাক ৷
লগতে পঢ়ক:Aftab Uddin Mollah in police custody: এদিনৰ আৰক্ষীৰ জিম্মালৈ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা