গুৱাহাটী,22 জুন: 2021 ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই ৰাজ্যিক বিজেপিয়ে প্ৰায় এক কোটি লোকক লক্ষ্য হিচাপে লৈ মঙলবাৰে অনুষ্ঠিত কৰিব এক বিশাল ভাৰ্ছুৱেল ৰেলী । পূৰ্বতে 18 জুনত এই ৰেলী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও চীন-ভাৰত সীমান্তত উদ্ভৱ হোৱা অস্থিৰ পৰিস্থিতিৰ বাবে সেই ৰেলী শেষ মুহূৰ্তত বাতিল কৰা হৈছিল । কিন্তু সোমবাৰে এক সংবাদমেলত বিজেপিৰ দুই নেতা জয়ন্ত মল্ল বৰুৱা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ঘোষণা কৰে যে, কাইলৈ অৰ্থাৎ মঙলবাৰে বিয়লি 4.30 ত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত উক্ত ভাৰ্ছুৱেল ৰেলী অনুষ্ঠিত হ’ব । কেৱল সামাজিক মাধ্যমসমূহ, ইলেক্ট্ৰ’নিক মাধ্যম আৰু বিভিন্ন ডিজিটেল মাধ্যমৰ জৰিয়তে এই ৰেলী উপভোগ কৰিব পৰা যাব ৷ দিল্লীৰ পৰা এই ৰেলী সম্বোধন কৰিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । আনহাতে, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ অধ্যক্ষ ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ৰেলী সম্বোধন কৰিব ৷
লক্ষ্য এক কোটি জনতা: কাইলৈ ৰাজ্যিক বিজেপিৰ ভাৰ্ছুৱেল ৰেলী - ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা
মঙলবাৰে বিয়লি 4.30 ত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব বিজেপিৰ ভাৰ্ছুৱেল ৰেলী ৷ কেৱল সামাজিক মাধ্যমসমূহ, ইলেক্ট্ৰ’নিক মাধ্যম আৰু বিভিন্ন ডিজিটেল মাধ্যমৰ জৰিয়তে এই ৰেলী উপভোগ কৰিব পৰা যাব ৷ দিল্লীৰ পৰা এই ৰেলী সম্বোধন কৰিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

সংবাদমেলত বিজেপি নেতাদ্বয়ে লগতে কয়, বিজেপিৰ প্ৰায় 70 লাখ সদস্যই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ভাৰ্ছুৱেল ৰেলীত অংশগ্ৰহণ কৰিব যদিও দলটোৱে প্ৰায় এক কোটি জনতাক এই ৰেলীৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে । ইতিমধ্যে ৰাজ্যৰ 20 হাজাৰ বুথত বিজেপিৰ ৰাজ্যিক সমিতি আৰু যুৱ মৰ্চাই সুকীয়া সুকীয়াকৈ প্ৰায় 40 হাজাৰ হোৱাটছ এপ গোট গঠন কৰিছে । সেই গোটসমূহৰ লগতে ৰাজ্যিক বিজেপিৰ ফেচবুক পেজতো এই ৰেলী চাবলৈ পোৱা যাব । উল্লেখ্য যে, Covid 19 ৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন অঞ্চলত জন সমাগম এৰাই চলি এনেদৰে ভাৰ্ছুৱেল ৰেলী অনুষ্ঠিত কৰি আহিছে বিজেপিয়ে ।