অসম

assam

ETV Bharat / state

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল

বিৰোধীমহলে চকীদাৰ সন্দৰ্ভত কৰা উপহাসমূলক মন্তব্যৰ পৰিপেক্ষিতত বিজেপিৰ সংবাদমেল ৷ অহা ৩১ মাৰ্চত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১৪ টা স্থানত প্ৰধানমন্ত্ৰীয়ে মে ভি চকীদাৰ এক অনুষ্ঠানত ভিডিঅ কনফাৰেন্সৰ জৰীয়তে মত বিনিময় কৰিব

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল

By

Published : Mar 29, 2019, 5:38 PM IST

গুৱাহাটী,২৯ মাৰ্চঃ চকীদাৰ আখ্যাৰে বিভূষিত হ'লদেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিন্তু চকীদাৰ উপনামেৰে ছ'চিয়েল মিডিয়া আৰু টুইটাৰত উপহাসমূলক মন্তব্য কৰে একাংশবিৰোধীয়ে। চকীদাৰ বিশেষণ টোক লৈ উপহাস কৰাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে হেঙেৰাবাৰী কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বিজেপি দলে ।

"চকীদাৰ"ৰ বাবে গুৱাহাটীত বিজেপিৰ সংবাদমেল
সংবাদেল সম্বোধন কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পোনপ্ৰথমেই আক্ৰমণ কৰে বিৰোধী পক্ষক। লগতে তেওঁ জনাই যে, অহা ৩১ মাৰ্চত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১৪ টা স্থানত প্ৰধানমন্ত্ৰীয়ে মে ভি চকীদাৰ এক অনুষ্ঠানত ভিডিঅ কনফাৰেন্সৰ জৰীয়তে মত বিনিময় কৰিব ।লগতে তেওঁ গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ভোটত জয়ী হ'ব বুলিও এই সংবাদমেল যোগে ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details