গুৱাহাটী, 18 জানুৱাৰী :কংগ্ৰেছ, এ আই ইউ ডি এফৰ অশুভ মিত্ৰতাৰ সহযােগী বাওঁপন্থী । কংগ্ৰেছ কমিউনিষ্ট আৰু কমিউনেল এই তিনিটা অশুভ শক্তিৰ সমাহাৰেৰে মহাজোঁটৰ নামত সংগঠিত হােৱা অপ-শক্তিক অসমৰ ৰাইজে নিশ্চিতভাৱে প্রত্যাখ্যান কৰিব । সোমবাৰে এখন সংবাদমেলত বিজেপি অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই এই মন্তব্য প্ৰদান কৰে ৷
লগতে তেওঁ পুনৰ কয় যে, অখিল গগৈ বাওঁপন্থী, লুৰিণ জ্যোতি সোঁ-পন্থী, মুনীন মহন্ত আৰু দেৱেন ভট্ট বাওঁপন্থী, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া সোঁ পন্থী, ৰকিবুল হুছেইন, বদৰুদ্দিন আজমল জিন্নাপন্থী । এতিয়া বাওঁপন্থী, সোঁপন্থী, জিন্নাপন্থী সকলাে একলগ হৈছে । এয়া অসমৰ কাৰণে অশুভ লক্ষণ ।
কৃষক আন্দোলনৰ নামত প্ৰণৱ বড়াে অগ্নিদগ্ধ হৈ মৃত্যু বৰণ কৰােতে কৃষক মুক্তি সদস্য সকলে মুঠিয়ে-মুঠিয়ে লাল চালাম দিছিল ৷ লাল চালাম কমিউনিষ্টসকলে প্ৰদান কৰে । কৃষক মুক্তি সংগ্রাম সমিতি মাওবাদী কমিউনিষ্ট আৰু সেই কৃষক মুক্তিৰ ঔৰসত ৰাইজৰ দলৰ জন্ম, সেই সূত্রে ৰাইজৰ দল কমিউনিষ্ট । এতিয়া ছদ্মৱেশী কমিউনিষ্টে আঞ্চলিকতাবাদৰ বসন পিন্ধিছে । একাংশ কমিউনিষ্ট বুদ্ধিজীৱী আৰু বাওঁপন্থীৰ নেতাই নেতৃত্ব লােৱা ৰাইজৰ দলৰ লগত এতিয়া লুৰিণ জ্যোতি গগৈৰ অসম জাতীয় পৰিষদে মিত্ৰতা কৰিছে । প্রত্যক্ষ বা পৰােক্ষভাৱে এতিয়া কংগ্ৰেছ, এ আই ইউ ডি এফৰ অশুভ মিত্ৰজোঁটৰ লগত বাওঁপন্থী দল বিলাক লগ লাগিছে ।