অসম

assam

ETV Bharat / state

Miya museum controversy: মিঞা শব্দটোৱেই আমাৰ বাবে প্ৰত্যাহ্বানমূলক: বিজেপি - কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা

মিঞা মিউজিয়ামৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ । কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাক মিঞা মিউজিয়ামৰ বিতৰ্কৰে অন্য ৰূপ দিব বিচাৰিছে । মিঞা মিউজিয়ামৰ ধাৰণাটো সম্পূৰ্ণ ৰূপে কংগ্ৰেছ দলৰ বুলি অভিযাগ কৰে বিজেপি নেতৃত্বই (Miya museum controversy)।

BJP Press meet on Miyan museum
Miyan museum controversy: 'মিঞা শব্দটোয়ে আমাৰ বাবে প্ৰত্যাহ্বানমূলক'- বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ

By

Published : Oct 29, 2022, 9:14 PM IST

গুৱাহাটী,২৯ অক্টোবৰ: ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত হৈ থকা মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে(Miya museum controversy) । আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মিঞা মিউজিয়ামৰ প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই (BJP Press meet on Miyan museum)। তেওঁ কয় যে মিঞা এটা সম্বোধন কৰা শব্দহে, সম্বোধন কৰা শব্দৰে এটা জাতি হ'ব নোৱাৰে ।

Miyan museum controversy: 'মিঞা শব্দটোয়ে আমাৰ বাবে প্ৰত্যাহ্বানমূলক'- বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ

বাংলাদেশী পমুৱাসকল অসমৰ চৰৰ গৰাকী হ'ব নোৱাৰে । অসমৰ চৰৰ গৰাকী মিচিং, কৈৱৰ্ত্ত, মৰিয়াসকলহে । বিজেপিৰ চৰকাৰ থকালৈ মিঞা মিউজিয়ামৰ বাবে ভূমি দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিয়ে দলৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে । তেওঁ লগতে কয় যে মিঞা মিউজিয়ামৰ ধাৰণাটো সম্পূৰ্ণ ৰূপে কংগ্ৰেছ দলৰ ।

প্ৰাক্তন সাংসদ দেৱকান্ত বৰুৱাই কোৱা আলী-কুলী-বঙালীৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছে এনেদৰেই ভোট বেংকৰ ৰাজনীতি কৰিছিল আৰু কৰি আহিছে বুলি মতামত ব্যক্ত কৰে মুখপাত্ৰ গৰাকীয়ে । বিভিন্ন সময়ত কংগ্ৰেছ নেতৃত্বই মিঞা শব্দটো ব্যৱহাৰ কৰি আহিছে । মিঞা পৰিষদ কংগ্ৰেছ দলেই গঠন কৰিছিল বুলিও সংবাদমেলখনত উল্লেখ কৰে বৰুৱাই । প্ৰয়াত সাংসদগৰাকীৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰসংগও উত্থাপন কৰে শৰ্মাই ৷

তাহানিতে দেৱকান্ত বৰুৱাই আলী বুলি সম্বোধন কৰাসকলকহে এতিয়া ভূপেন বৰাই মিঞা বুলি সম্বোধন কৰিছে বুলি উল্লেখ কৰে । শৰ্মাই কয় যে এই চিন্তাধাৰাক কলিতেই মোহাৰি পেলাব লাগে । তেওঁলোকে আজি মিঞা মিউজিয়াম বিচাৰিছে, কাইলৈ অস্ত্ৰ-শস্ত্ৰৰ কাৰখানা খুলিবলৈও চেষ্টা কৰিব । শৰ্মাই অসমৰ জাতি-জনজাতিৰ কথা উল্লেখ কৰি কয় যে অসমৰ ইতিহাস বুলিলে মিচিং, তিৱা, বৰ্মন, পাল আদিকহে বুজায় । অসমৰ ইতিহাসত মিঞাৰ কোনো অস্তিত্ব নাই(BJP reaction on Miya museum) ।

দিছপুৰ-দিল্লীত বিজেপি থকালৈকে মিঞা মিউজিয়াম হ’ব নোৱাৰে আৰু কলাক্ষেত্ৰ কৰ্তৃপক্ষই ইতিমধ্যে মিঞা মিউজিয়ামৰ প্ৰস্তাৱ নাকচ কৰিছে বুলি সংবাদমেলখনত তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে ২০১৯ বৰ্ষত মিঞা কবিতাক লৈ ৰাজ্যজুৰি হৈ-চৈ হোৱা পৰিলক্ষিত হৈছিল । অসমৰ খিলঞ্জীয়া লোকে মিঞা কবিতাৰ বিৰোধিতা কৰাৰ দৰে মিঞা মিউজিয়ামৰো বিৰোধিতা কৰিছে । কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাক মিঞা মিউজিয়ামৰ বিতৰ্কৰে অন্য ৰূপ দিব বিচাৰিছে(Bharat jodo yatra) ।

মিঞা মিউজিয়ামৰ আঁৰত কংগ্ৰেছ, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আছে বুলি সংবাদমেলখনত উল্লেখ কৰে ৷ সংবাদমেলত দলৰ সংবাদ বিভাগৰ ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে কেইবাজনো কৰ্মকৰ্তা উপস্থিত আছিল ।

লগতে পঢ়ক:Sankardev sangha controversy: স্থিতি স্পষ্ট কৰাৰ নামত অৱশেষত চালে-বেৰে কোবালে শংকৰদেৱ সংঘৰ বাবুল বৰাই

ABOUT THE AUTHOR

...view details