গুৱাহাটী, ৭ আগষ্ট : সোমবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হয় । সংবাদমেলখন সম্বোধন কৰে দলৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই । মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য আগবঢ়াই মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে আমি কেতিয়াও মূল্য হ্ৰাস হোৱা শুনা নাই । চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ বহুকেইখন আঁচনি লৈছে ।
মূল্যবৃদ্ধিৰ সপক্ষে ৰূপম গোস্বামীৰ যুক্তি - বাৰিষা বৰষুণৰ পিচত যোগান সীমিত হয় বাবেই শাক পাচলিৰ মূল্যবৃদ্ধি হয় । যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে সা-সামগ্ৰীৰ মূল্য । বিজেপি চৰকাৰৰ দিনত মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰতো যথেষ্ট নিৰ্ভৰ কৰে আন আন সামগ্ৰীৰ মূল্য । লগতে ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত তেওঁ মন্তব্য আগবঢ়াই কয় যে জেনেৰিক ঔষধৰ মূল্য কম । আমি জেনেৰিক ঔষধ ব্যৱহাৰ কৰিব লাগে ।
আনহাতে উক্ত সংবাদমেলতে মুখপাত্ৰ সুভাষ দত্তই কয় যে চৰকাৰক বিৰোধিতা কৰিবলৈ গৈ একাংশই ৰাজ্য তথা দেশৰ প্ৰতি থকা দায়িত্ব পাহৰি গৈছে । তেওঁ কয় যে লুৰীণজ্যোতি গগৈ হৈছে আন্দোলন ভালপোৱা নেতা । লুৰীণজ্যোতি গগৈৰ নেতৃত্বত আন্দোলনৰ বজাৰখন চলি থাকে লগতে তেওঁৰ কমিছন বোৰ আহি থাকে ।