অসম

assam

ETV Bharat / state

ৰাজ্যত ছিণ্ডিকেট বন্ধ হোৱাৰ ফলত 1000 কোটিলৈ বৃদ্ধি পাইছে ৰাজহ - ছিণ্ডিকেটক লৈ সৰৱ ৰূপম গোস্বামী

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে বিজেপি মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷ ৰাজ্যত চলি থকা ছিণ্ডিকেটৰাজ সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু সুভাষ দত্ত ৷

ছিণ্ডিকেটক লৈ সৰৱ ৰূপম গোস্বামী

By

Published : Sep 30, 2019, 10:16 PM IST

Updated : Oct 1, 2019, 3:42 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰঃ ৰাজ্যত চলি থকা বিভিন্ন ছিণ্ডিকেটক লৈ সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলখনত ছিণ্ডিকেট সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে গোস্বামীয়ে ৷

চৰকাৰী তথ্যত ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য

ৰূপম গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি, 2016ত বিজেপি চৰকাৰ অহাৰ পিচত কেবিনেটত সিদ্ধান্ত লৈ বন্ধ কৰি দিয়া হৈছে ছিণ্ডিকেট প্ৰথা ৷ বিজেপিয়ে ছিণ্ডিকেট বন্ধ কৰি দিয়াৰ ফলতেই বহুতৰ ধন অহা পথ বন্ধ হৈছে ৷ সেয়েহে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছিণ্ডিকেটক লৈ সৰৱ হৈ পৰিছে এইসকল লোক ৷ ৰাজ্যত চলি থকা ছিণ্ডিকেটৰ নেতৃত্বত আছিল কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ৷ কিন্তু ছিণ্ডিকেটৰ কথা প্ৰকাশ পোৱাৰ পিচতেই মাৰ্ঘেৰিটাত নিৰ্বাচনত পৰাজিত হয় প্ৰদ্যুৎ বৰদলৈ ৷ প্ৰসন্ন টুৰুং নামৰ ব্যক্তিগৰাকী সপত্নীক নিৰুদ্দেশ হোৱাৰ আঁৰত আছে প্ৰদ্যুৎ বৰদলৈ ৷

আনহাতে সংবাদমেলত উপস্থিত থকা বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰা অনুসৰি, মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ দিনতেই কয়লা ছিণ্ডিকেট চলিছিল, তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰিছিল প্ৰদ্যুৎৰ পোহনীয়া গুণ্ডাই ৷ ৰত্নাকৰৰ পৰা বাল্মিকী হ'বলৈ চেষ্টা কৰা প্ৰদ্যুৎ বৰদলৈৰ মিছা অভিযোগ অতিকে হাস্যকৰ ৷ ছিণ্ডিকেট বন্ধ হোৱাৰ ফলত 2016 চনৰ পৰা প্ৰায় 1000 কোটি টকা ৰাজহ বৃদ্ধি পাইছে ৷

ইপিনে সুভাষ দত্তই প্ৰকাশ কৰা অনুসৰি, বিগত সময়ত অবৈধ কয়লা ব্যৱসায়ৰ বিৰুদ্ধে 303 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 499 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 9758.884 টন অবৈধ কয়লাসহ 602 খন বাহন জব্দ হয় ৷ অবৈধ চুপাৰী ব্যৱসায়ৰ বিৰুদ্ধে 23 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 39 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 5,01,354 কিলোগ্ৰাম অবৈধ চুপাৰীসহ 63 খন বাহন জব্দ হয় ৷ অবৈধ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে 598 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 846 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 9,599 টা গৰুসহ 184 খন বাহন জব্দ হয় ৷ একেদৰেই অবৈধ সাৰ ব্যৱসায়ৰ বিৰুদ্ধে 26 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 34 গৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ উপৰিও 404635 কিলোগ্ৰাম/561 বেগ/1111 পেকেট অবৈধ সাৰসহ 43 খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷

Last Updated : Oct 1, 2019, 3:42 PM IST

ABOUT THE AUTHOR

...view details