অসম

assam

ETV Bharat / state

দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম - অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম
দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

By

Published : May 8, 2021, 3:02 PM IST

Updated : May 8, 2021, 4:09 PM IST

14:58 May 08

গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ পিচতেহে দেওবাৰে ঘোষণা হ’ব অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰ্সবানন্দ সোণোৱালক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব যে বিপাঙত পৰিছে সেয়া সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা স্থিতিয়ে স্পষ্ট কৰিছে ৷

নিউজ ডেস্ক, 8 মে’ :নিৰ্বাচনী ফলাফল ঘোষণাৰ এসপ্তাহ উকলি যোৱাৰ পিচতো ৰাজ্যত অব্যাহত মুখ্যমন্ত্ৰীকেন্দ্ৰিক উৎকণ্ঠা ৷ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এই লৈ শনিবাৰে দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হয় এলানি গুৰুত্বপূৰ্ণ বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা, বিজেপি নেতা বি এল সন্তোষ আৰু নৰেন্দ্ৰ সিং টোমৰৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু এই বৈঠকতো বিশেষ সমাধান নোলাল ৷ পুনৰ দেওবাৰে গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিহে চূড়ান্ত সিধান্ত গ্ৰহণ কৰিব কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নে ড৹ হিমন্ত বিশ্ব শৰ্মা ৷  

উল্লেখযোগ্য যে, এই হাইভল্টেজ বৈঠকটো যে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে কেন্দ্ৰীয় নেতৃত্ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰ্সবানন্দ সোণোৱালক লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব যে বিপাঙত পৰিছে সেয়া সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰা স্থিতিয়ে স্পষ্ট কৰিছে ৷ 

লগতে পঢ়কঃ দিল্লীত হাইভল্টেজ বৈঠকৰ পিচতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Last Updated : May 8, 2021, 4:09 PM IST

ABOUT THE AUTHOR

...view details