অসম

assam

বৈজয়ন্ত পাণ্ডাক অসমত বিজেপিৰ নতুন প্ৰভাৰী নিযুক্তিঃ দিলীপ শইকীয়াক দুখন ৰাজ্যৰ দায়িত্ব

By

Published : Nov 14, 2020, 12:43 PM IST

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মুখ্য কাৰ্যালয়ৰ প্ৰভাৰী অৰুণ সিঙে এক নিৰ্দেশযোগে 36 খন ৰাজ্যৰ নতুন প্ৰভাৰী আৰু সহ-প্ৰভাৰী সকলক নিযুক্তি দিয়ে ৷ মঙলদৈৰ সাংসদ তথা বিজেপিৰ অন্যতম ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক দুখনকৈ ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ প্ৰভাৰীৰূপে নিযুক্তি ৷

bjp new prabhari selected for guwahati assam etv bharat news
অসমত বিজেপিৰ নতুন প্ৰভাৰী নিযুক্ত

গুৱাহাটী,15 নৱেম্বৰ: ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা মাহ বাকী । এনে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমসহ 36 খন ৰাজ্যত নিযুক্তি দিছে নতুন প্ৰভাৰী আৰু সহ-প্ৰভাৰী ৷ সেই অনুসৰি অসমৰ বাবে কেন্দ্ৰীয় প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডাক ৷ একেদৰে আন এগৰাকী জ্যেষ্ঠ নেতা পৱন শৰ্মাক অসমৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷

দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডা

দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মুখ্য কাৰ্যালয়ৰ প্ৰভাৰী অৰুণ সিঙে এক নিৰ্দেশযোগে এই ৩৬ খন ৰাজ্যৰ নতুন প্ৰভাৰী আৰু সহ-প্ৰভাৰী সকলক নিযুক্তি দিছে ৷ মন কৰিবলগীয়া যে, মঙলদৈৰ সাংসদ তথা বিজেপিৰ অন্যতম ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক দুখনকৈ ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ প্ৰভাৰীৰূপে নিযুক্তি দিয়া হৈছে ৷

নৱ নিৰ্বাচিত সহ-প্ৰভাৰী পৱন শৰ্মা

দলৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ দাসে এক বাৰ্তাত কয় যে, ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ১৪৩ দিন বাকী আছে ৷ বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মাৰ তত্ত্বাৱধানত অসমৰ নিৰ্বাচনত বিজেপিয়ে নিশ্চিতভাৱে ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

মঙলদৈৰ সাংসদ দিলীপ শইকীয়া

লগতে চাওকঃমাতা মন্দিৰত পূজা আৰতি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

ABOUT THE AUTHOR

...view details