দক্ষিণ কামৰূপ, 11 জানুৱাৰী: সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শিলচৰৰ পৰা বিমানযোগে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় বিজেপিৰ সভাপতিগৰাকী । বিমানবন্দৰতে বিজেপি নেতৃবৰ্গই উষ্ম আদৰণি জনাই জে পি নাড্ডাক । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে বিমানবন্দৰৰ পৰা আদৰণি জনোৱা হয় ।
গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা - BJP national president J P Nadda present in Guwahati
শিলচৰৰ পৰা বিমানযোগে গুৱাহাটীত উপস্থিত হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ সোমবাৰে সন্ধিয়া বিজেপিৰ সভাপতি গৰাকীক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি জনাই বিজেপি নেতৃবৰ্গই ৷
![গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10206032-444-10206032-1610378050414.jpg)
গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
উল্লেখ্য যে,শিলচৰৰ পুলিচ পেৰাড গ্ৰাউণ্ডত এখন সভাত অংশগ্ৰহণ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । বিমানবন্দৰৰ পৰা আমিনগাঁওৰ PWDৰ পৰিদৰ্শন বাংলালৈ ৰাওনা হয় বিজেপি নেতাগৰাকী । পৰিদৰ্শন বাংলাতে অসম প্ৰদেশৰ শীৰ্ষ কাৰ্যকর্তাৰ লগত দলৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই । কাইলৈ সভাপতি গৰাকীয়ে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:126 টা সমষ্টিতে প্ৰাৰ্থী নিক্ষেপ কৰিব অসম জাতীয় পৰিষদেঃ জগদীশ ভূঞা
Last Updated : Jan 11, 2021, 9:10 PM IST