অসম

assam

ETV Bharat / state

Constituency Delimitation: শুনানিত অংশ গ্ৰহণ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সাংসদ ৰাজদীপ ৰয়ে - নিৰ্বাচন আয়োগ

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগত নিজৰ স্থিতি প্ৰকাশ কৰিলে শিলচৰ লোকসভা সমষ্টিৰ সাংসদ ৰাজদীপ ৰয়ে ৷ এই প্ৰক্ৰিয়া কেৱল ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়াৰেই নহয় বৰাক উপত্যকাৰ খিলঞ্জীয়াৰ বাবেও ৰক্ষাকবচ বুলি মন্তব্য সাংসদগৰাকীৰ ৷

Constituency Delimitation
Constituency Delimitation

By

Published : Jul 20, 2023, 4:19 PM IST

শুনানিত অংশ গ্ৰহণ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সাংসদ ৰাজদীপ ৰয়ে

গুৱাহাটী, ২০ জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বৰাক উপত্যকাত ব্যাপক প্ৰতিক্ৰিয়া আৰু অসন্তুষ্টি অব্যাহত আছে । সমান্তৰালকৈ অব্যাহত আছে প্ৰতিবাদ । তাৰে মাজতে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত অংশ গ্ৰহণ কৰে শিলচৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ ৰাজদীপ ৰয়ে ।

গুৱাহাটীৰ কলাক্ষেত্ৰত শুনানিত অংশ গ্ৰহণ কৰাৰ পাচত সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সমৰ্থন জনাই কয় যে খচৰাক লৈ তেওঁৰ যিটো ওজৰ-আপত্তি আছে সেইটো নিৰ্বাচন আয়োগৰ আগত দাঙি ধৰিছে ।

তেওঁ লগতে কয় যে সমষ্টিৰ এছ চিৰ নিৰ্ধাৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ তেওঁ অভিজ্ঞ অধিবক্তাৰ লগত কথা পাতি সেই ধৰণে আগবাঢ়িছে । ডিলিমিটেচন এক্ট অনুসৰি সমষ্টি এটা এছ চিৰ বাবে সংৰক্ষিত কৰাৰ ক্ষেত্ৰত থকা দিশসমূহ তথ্য ভিত্তিত আয়োগৰ ওচৰত দাখিল কৰা হৈছে । এইক্ষেত্ৰত আয়োগে চিন্তা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ কয় যে কাছাৰৰ পৰা ১১৬খন আবেদন পৰিছে আৰু এইক্ষেত্ৰত আয়োগে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিজৰ ৰাজনৈতিক ভৱিষ্যতকলৈ তেওঁ শংকিত নহয় । তেওঁৰ বাবে ৰাজনীতি শেষ নহয় তথা মিছন নহয় । তেওঁ তেওঁৰ প্ৰস্তাৱ আয়োগৰ ওচৰত দাখিল কৰিছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই প্ৰক্ৰিয়া কেৱল ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ খিলঞ্জীয়াৰেই নহয় বৰাক উপত্যকাৰ খিলঞ্জীয়াৰ বাবেও ৰক্ষাকবচ বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে তেওঁ দলৰ বিৰুদ্ধে যোৱা নাই আৰু দলৰ নেতৃত্বই সকলো কথা জানে । আনহাতে দলে যি নিৰ্ণয় দিব তাকে তেওঁ মানি ল'ব বুলি কয় ।

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাৰ ৰাজনীতিতো আউল লাগিছে । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত কৰিমগঞ্জৰ পৰা সংৰক্ষণ আঁতৰাই শিলচৰক এছ চিৰ বাবে সংৰক্ষণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰাকত । এক কথাত বৰাকৰ ৰাজনৈতিক ভূগোল সলনি কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাই ।

কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা এফালে যদি অনুসূচিত জাতিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা আঁতৰিছে আৰু আনফালে লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিজেপিৰ হাতত থকা পাথাৰকান্দি বিধানসভা আৰু এ আই ইউ ডি এফৰ দখলত থকা কাটলিচেৰা বিধানসভা সমষ্টি বিলোপ হৈছে বৰাকৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা ।

লক্ষণীয় বিষয় যে খচৰাখনক লৈ বৰাক উপত্যকাৰ বিজেপি নেতা-কর্মীও ভীষণ অসন্তুষ্ট । বৰাক উপত্যকাৰ বিধানসভা সমষ্টিৰ সংখ্যা ১৫ টাৰ পৰা ১৩ টালৈ হ্ৰাস কৰা আৰু কৰিমগঞ্জৰ পৰিৱৰ্তে শিলচৰ লোকসভা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাক লৈ বৰাক উপত্যকাত ইতিমধ্যে উত্তপ্ত হৈ আছে ।

লগতে পঢ়ক:Public Hearing on Delimitation: নিৰ্বাচন আয়োগৰ ওচৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ ওজৰ-আপত্তি

ABOUT THE AUTHOR

...view details