অসম

assam

ETV Bharat / state

Lok Sabha election 2024: পদুম ফুলক জয়ী কৰোৱাটো মূল উদ্দেশ্য কুইন ওজাৰ - Constituency delimitation

‘‘কোন উঠে, কোন জিকে পিচৰ কথা ৷ প্ৰথম কথা হ’ল পদুম ফুলক জিকাব লাগে ৷ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটোহে মূল কথা ৷’’ কুইন ওজাৰ মন্তব্য

BJP MP Queen Oja slams oppositions
Constituency delimitation

By

Published : Jun 27, 2023, 10:36 PM IST

কুইন ওজাৰ লক্ষ্য মাছৰ চকু সদৃশ পদুম ফুল

গুৱাহাটী, ২৭ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত শেহতীয়াকৈ মত প্ৰকাশ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৷ বিৰোধী দলসমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টো সন্দৰ্ভত সাংসদ ওজাই কয় যে, বিৰোধী বুলিবলৈ অসমত দুটা বা তিনিটা দলহে আছে ৷ সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰোঁতে অলপ ইফাল-সিফাল হোৱাটো কোনো ডাঙৰ কথা নহয় বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, ৰাষ্ট্ৰত ভাল কাম হ’লেই বিৰোধীয়ে ৰাইজক পতিয়ন নিয়াবলৈ কথা কয় ।

ইফালে একাংশ বিজেপি নেতায়ো সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰা বিষয়টোক লৈ কুইন ওজাই কয় যে, স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতেই সাল-সলনি হৈছে ৷ সীমা সমূহ নিৰ্ধাৰণ কৰোতে কাৰোবাৰ কমিব কাৰোবাৰ বাঢ়িব । এতিয়া ক্ষোভত থকাসকলেও পৰৱৰ্তী সময়ত বুজি উঠিব ।

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, ‘‘আমি সদায় প্ৰস্তুত । আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ সংগঠনৰ কাম-কাজ কৰি আছোঁ । নিৰ্বাচনত কোন উঠিব কোন জিকিব সেয়া পিছৰ কথা । পদুম ফুলক জয়ী কৰোৱাটো মূল উদ্দেশ্য হোৱা উচিত । মই মাছটো নাচাওঁ, মাছৰ চকুহে চাওঁ । মোদীজী প্ৰধানমন্ত্ৰী হোৱাটো আমাৰ মূল লক্ষ্য ৷’’

লগতে পঢ়ক:AJP meeting: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যলৈ সহযোগিতা আগবঢ়াব অজাপই

উল্লেখ্য যে, মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "মোৰ বুথ সকলোতকৈ মজবুত" শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে সাংসদ কুইন ওজা ৷ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ মূলতঃ বুথ পৰ্যায়ত সাংগঠনিক কাম-কাজ অধিক শক্তিশালী কৰিবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয় যে, পূৰ্বৰ চৰকাৰৰ মূল মন্ত্ৰ আছিল দুৰ্নীতি । এতিয়াৰ চৰকাৰে দলীয় আদৰ্শক গুৰুত্ব দি বুথ স্তৰক শক্তিশালী কৰাৰ প্ৰচেষ্টা কৰিছে । অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ কুইন ওজাৰ লগতে বহুকেইজন বিজেপি নেতৃত্বই অংশ গ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details