গুৱাহাটী, ৩ ডিচেম্বৰ : দেশৰ চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা পুৱাৰে পৰা চলি আছে । ৪ খন ৰাজ্যৰ ভিতৰত ইতিমধ্যে তিনিখনত ভাৰতীয় জনতা পাৰ্টীয়ে আগবাঢ়ি আছে । তিনিখন ৰাজ্যৰ অগ্ৰগতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
গুৱাহাটীৰ বাজপেয়ী ভৱনত উপস্থিত হৈ পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘চাৰিখন ৰাজ্যৰ ভিতৰত ইতিমধ্যে তিনিখন আমাৰ বিপুল অগ্ৰগতি দেখা পোৱা গৈছে । কংগ্ৰেছে ইতিমধ্যে বিজয় উল্লাস পালন কৰিবলৈ ফাঁচীবজাৰৰ পৰা ফটকা কিনি থৈছিল । সেই ফটকা এতিয়া তেওঁলোকে কি কৰে সেয়া তেওঁলোকৰ কথা । এই সময়ত তেওঁলোকৰ বিষয়ে কথা কোৱা বা তাচ্ছিল্য কৰা আমাৰ সংস্কৃতি নহয় । কাৰণ তেওঁলোকো আমাৰ দেশৰে নাগৰিক । তেওঁলোকে ভাল কাম কৰি পুনৰ প্ৰতিষ্ঠিত হওক ।’’
মিছা কথা প্ৰচাৰ কৰিলে কি হয় কংগ্ৰেছে এইবাৰ ভালকৈ বুজি পালে বুলি মন্তব্য কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে শ্ৰীকৃষ্ণক লাভ জেহাদি বুলি ক’লে কি হয় সেয়া কংগ্ৰেছে প্ৰমাণ পালে । সৰ্বভাৰতীয় পৰ্যায়ত সনাতনী লোকসকলক, আদিবাসী লোকসকলক তুচ্ছ-তাচ্ছিল্য কৰিলে কি হয় সেয়া আজিৰ ফলাফলৰ পৰা বুজি পোৱা উচিত । ইয়াৰোপৰি সাংসদগৰাকীয়ে কয়, ‘‘কংগ্ৰেছৰ মুখপাত্ৰ হিচাবে কাম কৰি থকা লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক পুনৰ কৈছোঁ, ৮৫৫ জন স্বহীদৰ তেজেৰে ফাকু খেলা কংগ্ৰেছৰ ভৃত্য হৈ নাথাকিব । লাগিলে হাৰকেই, সময় থাকোতেই ওলাই আহক ।’’