অসম

assam

ETV Bharat / state

পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ ! - গেৰুৱা দল

নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিনহে বাকী ৷ তৎপৰ প্ৰতিটো সৰু-বৰ ৰাজনৈতিক দল ৷ আৰম্ভ হৈছে নিৰ্বাচনী টিকট দাবীক কেন্দ্ৰ কৰি একপ্ৰকাৰ শীতল যুঁজ ৷ গেৰুৱা দলৰ অধিকাংশ প্ৰতিনিধিয়ে এতিয়া নিজৰ বাবে নহ’লেও পত্নীৰ বাবে টিকট বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !
পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

By

Published : Feb 15, 2021, 12:01 PM IST

গুৱাহাটী,১৫ ফেব্ৰুৱাৰী: ক্ষমতাৰ সোৱাদ এবাৰ পালে সেই সোৱাদৰ পৰা মুক্তি পোৱাটো বৰ টান । ঠিক তেনেকুৱাই অৱস্থা হয় বহু ৰাজনৈতিক নেতাৰ । নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে সেই সোৱাদৰ মোহো দুগুণে বাঢ়ি যায় । বিজেপিত এতিয়া একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সেই সোৱাদ লাভৰ আশাত দৌৰ আৰম্ভ কৰিছে । দলীয় শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য মতে, দলৰ সাংসদ তথা সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে আপ্ৰাণ চেষ্টা চলাইছে পুনৰ ৰঙাপৰা সমষ্টিৰ বিধায়ক হোৱাৰ । কিন্তু দলে ইতিমধ্যে এক সিদ্ধান্ত গ্ৰহণ কৰি থৈছে যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত কোনো সাধাৰণ সম্পাদকক দলীয় প্ৰাৰ্থীত্ব দিয়া নহ’ব । সেই অনুসৰি, পল্লৱলোচন দাসেই হওঁক বা তপন কুমাৰ গগৈয়েই হওঁক, কোনেও দলীয় প্ৰাৰ্থীত্ব লাভ কৰিব নোৱাৰে । কিন্তু বিশেষ পৰিস্থিতিত সেই সিদ্ধান্ত সলনিও হ’ব পাৰে । অতি সংগোপনে ৰঙাপৰাৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ হৈ উঠা এইগৰাকী সাংসদে শেষ মুহুৰ্তত দলে প্ৰাৰ্থীত্ব নিদিলে পত্নীৰ বাবে হ'লেও সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি একাংশ শীৰ্ষ নেতাৰ ওচৰত আৰ্জি ৰাখিছে বুলি সদৰী কৰিছে দলীয় সূত্ৰটোৱে ।

ইপিনে প্ৰাক্তন সাংসদ ৰমেন ডেকাই এইবাৰ বিধায়ক হোৱাৰ মন মেলি কেইবাটাও সমষ্টিৰ নাম ইতিমধ্যে দলীয় শীৰ্ষ নেতৃত্বক জনাইছে । যি কেইটাৰ ভিতৰত এটা সমষ্টিৰ পৰা হ'লেও তেওঁক প্ৰাৰ্থীত্ব লাগে । তাৰ ভিতৰত অন্যতম হৈছে ৰঙাপৰা সমষ্টি‌ ।

আনহাতে, সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ বিয়োগৰ পিছত আন এজন শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে বিশিষ্ট চিকিৎসক তথা বিজেপিৰ পুৰণি নেতা ডাঃ দ্বীপেন মহন্ত । ইতিমধ্যে সমষ্টিটোত জনপ্ৰিয় হৈ পৰা এইগৰাকী নেতাৰ পক্ষত আনকি স্থানীয় বহুসংখ্যক চাহ জনগোষ্ঠীৰ লোকো থিয় দিছে ৷ দলৰ ফালৰ পৰা সমষ্টিয়ে সমষ্টিয়ে চলোৱা সমীক্ষাতো জনপ্ৰিয়তাৰ তালিকাত এইগৰাকী চিকিৎসকে স্থান পাইছে যদিও তাৰ মাজতে টিকট লাভৰ দুৰ্বাৰ আকাংক্ষাত অভিযান অব্যাহত ৰাখিছে ৰমেন ডেকা আৰু পল্লৱ লোচন দাসে ।

লগতে চাওকঃ18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details