গুৱাহাটী, 3 অক্টোবৰঃ কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্যৰ পিচতেই মুমুনিল আৱালৰ প্ৰতিক্ৰিয়া ৷ বৃহস্পতিবাৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নগাঁৱৰ সংসদ প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা কৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমুনিল আৱালে ৷
আৱালে কয়,
‘‘কয়লা খননত শ্ৰমিকৰ মৃত্যু হ’লে সাংবাদিকে বাতৰি গাপ দিয়াৰ বাবদ এক লাখকৈ টকা পোৱা কথা কোৱাটো দুৰ্ভাগ্যজনক । কোন সংবাদিকে, কোন শ্ৰমিকৰ মৃত্যুত টকা লাভ কৰিছেল ? সাংবাদিকে কোন উৎসৰ পৰা টকা পাই সেই তথ্য সাংসদ প্ৰদ্যুৎ বৰদলৈয় ৰাজহুৱা কৰক ৷ ’’
প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ : মুমুনিল আৱাল লগতে কয়, প্ৰদ্যুৎ বৰদলৈয় এতিয়া শয়নে-সপোনে কেৱল কয়লাহে দেখি আছে । এটা সময়ত কয়লাৰ চোৰাং বজাৰৰ প্ৰদ্যুৎ বৰদলৈয়ে সম্ৰাট আছিল যাৰ বাবে আজিও তেওঁ কয়লাৰ কলা বেপাৰৰ মোহ এৰিব নোৱাৰি ভুল বকিব ধৰিছে বুলি উল্লেখ কৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমুনিল আৱালে ৷ প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ যাৰ বাবে কয়লাকলৈ তুমি মোৰ মাথো কৰি আছে বুলি তীক্ষ্ম কটাক্ষ কৰে আৱালে । কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল শুনক-
কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্য