অসম

assam

By

Published : Dec 19, 2019, 5:54 PM IST

ETV Bharat / state

ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ একাংশ বিজেপি বিধায়কৰ ৷ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ ৰাজ্যৰ শেহতীয়া পৰিবেশক লৈ আলোচনাত মিলিত হ'ল বিধায়কসকল ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়কসকল ৷

bjp mla meets sonowal
শংকিত বিজেপি বিধায়ক

গুৱাহাটী, 19 ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে বিজেপিৰ মন্ত্ৰী-বিধায়কসকল ৷ বৃহস্পতিবাৰে বিজেপিৰ 14 জনীয়া বিধায়কৰ দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৷ বিধায়কৰ দলটোত পদ্ম হাজৰিকা আৰু প্ৰশান্ত ফুকনৰ লগতে উপস্থিত থাকে বিজেপিৰ আন 12 গৰাকী বিধায়ক ৷

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিধায়ক পদ্ম হাজৰিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, বৰ্তমানৰ ৰাজ্যৰ পৰিস্থিতিক লৈ বিজেপিৰ বিধায়কসকল শংকিত হৈ পৰিছে ৷ তেওঁলোকে মুখ্যমন্ত্ৰীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম চুক্তিৰ 6 নং দফা অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও আহ্বান জনায় ৷ নাগৰিকত্ব সংশোধনী আইন বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মজিয়াত আছে, ন্যায়ালয়ে এই আইনৰ ক্ষেত্ৰত যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত মানি ল'ব বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাচত পদ্ম হাজৰিকাৰ মন্তব্য

আনহাতে বিধায়ক প্ৰশান্ত ফুকনে কয় যে, অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকাৰণ আৰু ভূমি নীতি কাৰ্যকৰী কৰাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে ৷ সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি মন্তব্য কৰি প্ৰশান্ত ফুকনে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, পেৰেলাইচ হৈ থকা ৰাজনৈতিক দলটো এতিয়া এই আন্দোলনৰ ফলত ফুটবল খেলিব পৰা অৱস্থালৈ আহিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাচত প্ৰশান্ত ফুকনৰ মন্তব্য

মুখ্যমন্ত্ৰীক সাক্ষাত কৰি বিজেপিৰ বিধায়কৰ দলটোৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অখিল গগৈৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ দুই ছাত্ৰ নেতাৰ

ABOUT THE AUTHOR

...view details