অসম

assam

By

Published : Nov 7, 2021, 7:25 PM IST

ETV Bharat / state

উপ-নিৰ্বাচনৰ ফলাফলত সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব

সদ্য ঘোষিত উপ-নিৰ্বাচনৰ ফলাফলক লৈ সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব ৷ দেওবাৰে বিজেপিৰ ভাৰ্চুৱেল ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই কথা প্ৰকাশ কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

bjp meeting held in guwahati
উপ-নিৰ্বাচনৰ ফলাফলত সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব

গুৱাহাটী, ৭ নৱেম্বৰ : অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব অত্যন্ত সুখী । দেওবাৰে বিজেপিৰ ভাৰ্চুৱেল ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত এই কথা প্ৰকাশ কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেৱল অসমেই নহয়, সামগ্ৰিকভাৱে আন সকলো ৰাজ্যতে এইবাৰ বিজেপিৰ ফলাফল ভাল হৈছে ।

ৰাজ্যিক বিজেপিৰ সংবাদমেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমৰ এই ফলাফলৰ বাবে ৰাইজক ধন্যবাদ জনাইছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, উপ নিৰ্বাচনৰ পিছত দেওবাৰে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উপৰিও ৰাজ্যিক বিষয়ববীয়াৰ এখন বৈঠকো অনুষ্ঠিত হয় । আনহাতে, এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা উভয়েই আত্মসমৰ্পনকাৰী উগ্ৰপন্থী নেতা আই কে সংবিজিতে বিজেপিত যোগদান কৰাৰ বিষয়ে অৱগত নহয় বুলিও মন্তব্য কৰে ।

উপ-নিৰ্বাচনৰ ফলাফলত সুখী বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব

লগতে পঢ়ক :প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

একেদৰে, মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে পেট্ৰ’ল, ডিজেলৰ মূল্য হ্ৰাস পাইছে । গতিকে স্বাভাৱিকতে লাহে লাহে অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্য নিম্নগামী হ’ব ।

বৰ্তমান দেশৰ ভিতৰতে অসমত পেট্ৰ’ল, ডিজেলৰ মূল্য কমৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে বুলি তেওঁ মত প্ৰকাশ কৰে । ইপিনে, কংগ্ৰেছে উপৰ্যুপৰি বিজেপিৰ বিৰুদ্ধে তুলি অহা বিভিন্ন অভিযোগৰ উত্তৰ দিবলৈ তেওঁৰ হাতত সময়ৰ অভাৱ বুলিও তীৰ্যক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

লগতে পঢ়ক :আকৌ 2G স্পেকট্ৰাম : মনমোহন সিঙৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ ফাদিল !

ABOUT THE AUTHOR

...view details