অসম

assam

ETV Bharat / state

কি কি আছে বিজেপিৰ 'সংকল্প পত্র'ত ? - বিধানসভা নিৰ্বাচন

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্র'ত পূৰ্বৰ প্ৰতিশ্ৰুতিৰ প্ৰভাৱ । ২০১৬ত আছিল বছৰি পাঁচ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি । এইবাৰ বছৰি ১ লাখ চৰকাৰী চাকৰি দিয়াৰ সংকল্প । ৪৯ পৃষ্ঠাৰ 'সংকল্প পত্র'ৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰতিশ্ৰুতি ।

পুনৰ চাকৰি-বানপানীকে ধৰি বিভিন্ন প্ৰসংগ বিজেপিৰ 'সংকল্প পত্র'ত
পুনৰ চাকৰি-বানপানীকে ধৰি বিভিন্ন প্ৰসংগ বিজেপিৰ 'সংকল্প পত্র'ত

By

Published : Mar 24, 2021, 12:16 PM IST

গুৱাহাটী, ২৪ মাৰ্চ: ভোটাৰক আকৰ্ষিত কৰাৰ বাবে কংগ্ৰেছে পাঁচটা গেৰাণ্টি দিয়াৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে দহটা সংকল্পৰ কথা কৈছে । মঙলবাৰে দহটা সংকল্পৰে বিজেপিয়ে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্র' । গুৱাহাটীৰ তাজ ভিভান্তাত হোটেলত আয়োজিত বিশাল অনুষ্ঠানত প্ৰদেশ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । ২০১৬ৰ বিজেপিৰ ভিজন ডকুমেণ্টৰ প্ৰভাৱ পৰিছে ২০২১ৰ 'সংকল্প পত্র'ত ।

ইয়াৰ ভিতৰত অন্যতম হৈছে চাকৰিৰ প্ৰসংগ । ২০১৬ত বিজেপিয়ে অসমত বছৰি পাঁচ লাখকৈ পাঁচ বছৰত মুঠ ২৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰী তথ্য মতে, বিগত পাঁচ বছৰত বিজেপি চৰকাৰে মাত্র ৮০ হাজাৰ চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল । চাকৰিৰ ক্ষেত্রত শতকৰা হিচাপত বিজেপিয়ে প্ৰতিশ্ৰুতিৰ মাত্র ৩ শতাংশ চাকৰি দিবলৈ সক্ষম হ'ল । এইবাৰ পুনৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে ।

অৱশ্যে এইবাৰ বছৰি পাঁচ লাখৰ বিপৰীতে এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । 'সংকল্প পত্র'ত ভাৰতীয় জনতা পাৰ্টীয়ে ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা কৈছে আৰু এক লাখ চাকৰি ২০২২ৰ ৩১ মাৰ্চৰ ভিতৰত প্ৰদান কৰিব । আনহাতে, ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰিৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰিছে । সেইদৰে 'স্বয়ম' আঁচনিৰ জৰিয়তে ১০ লাখ যুৱ উদ্যমী সৃষ্টি কৰিব আৰু পাঁচ বছৰত দুই লাখ যুৱকক প্ৰতিবছৰে সহযোগিতা আগবঢ়াৱ ।

আনহাতে, বিগত পাঁচ বছৰত অসমৰ ভয়াৱহ বান-খহনীয়া সমস্যাৰ ক্ষেত্রত উদাসীন হৈ থকা বিজেপি চৰাকাৰে 'সংকল্প পত্র'ত বানৰ বিভীষিকাৰ পৰা অসমৰ জনগণক মুক্ত কৰাৰ কথা কৈছে । ইয়াৰ বাবে বিজেপিয়ে আৰম্ভ কৰিব 'মিছন ব্ৰক্ষ্মপুত্র' । এইক্ষেত্রত প্ৰয়োজন হ'লে নদীৰ বুকু খননৰ উপৰি ব্ৰক্ষ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত জলৰাশিক সংৰক্ষণ কৰাৰ বাবে বিশাল জলধাৰা নিৰ্মাণ কৰিব। এইখন বিজেপি চৰকাৰেই ব্ৰহ্মপুত্রৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা কৈছিল যদিও সংসদত তেনে কোনো প্ৰস্তাৱ নাই বুলিও কৈছিল । আনহাতে ব্ৰক্ষ্মপুত্র খননৰ কথাও নতুন নহয়।

কংগ্ৰেছে গৃহিণীসকলক মাহে দুই হাজাৰকৈ টকা দিয়াৰ গেৰাণ্টি দিয়াৰ বিপৰীতে বিজেপিয়ে 'সংকল্প পত্র'ত অৰুণোদয় আঁচনিৰ যোগেদি ৩০ লাখ পৰিয়ালক তিনি হাজাৰকৈ টকা দিয়াৰ কথা কৈছে । ভূমিহীনকলৈ প্ৰতিটো ৰাজনৈতিক দলেই বছৰৰ পাছত বছৰ ধৰি নিজৰ স্বাৰ্থ সিদ্ধি পূৰণৰ বাবে ৰাজনীতি কৰি আহিছে । ভূমিহীনক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে এইবাৰ পুনৰ দোহাৰিছে ।

'সংকল্প পত্র'ত অসমৰ সকলো ভূমিহীন ভাৰতীয় নাগৰিকক পৰ্যায়ক্ৰমে পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে । ২০১৬ত মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছত সৰ্বানন্দ সোণোৱালে এন আৰ চিৰ কাৰ্যালয়লৈ গৈ এক প্ৰকাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । ২০১৬ৰ নিৰ্বাচনতো বিজেপিৰ অন্যতম ইচ্ছ্যু আছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰসংগ । এন আৰ চি হ'ল যদিও প্ৰশ্নচিহ্ন থাকি গ'ল । এইবাৰ পুনৰ সংশোধিত এন আৰ চিৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰাৰ কথা বিজেপিয়ে কৈছে । ভাৰতীয় নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰি সকলো অবৈধ প্ৰব্ৰজনকাৰীৰ নাম তালিকাৰ পৰা আঁতৰ কৰাৰ কথা কৈছে ।

'আত্মনিৰ্ভৰ অসম'ৰ বাবে ১০ টা সংকল্পৰ উপৰিও বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত বিভিন্ন বিষয় সামৰি পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰিছে । অৱশ্যে এই কৰ্মসূচীত বিশেষ একো নতুনত্ব নাই । ইয়াৰে বহু প্ৰতিশ্ৰুতিয়ে ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ৰাইজক দিছিল । 'সংকল্প পত্র'ত বিজেপিয়ে অসমৰ সভ্যতাৰ সুৰক্ষাৰ প্ৰসংগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তি ৰূপায়নৰ কথা কৈছে, যিটো বিগত নিৰ্বাচনৰ সময়টো বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি আছিল । কিন্তু বাস্তৱত একো নহ'ল ।

'সংকল্প পত্র'ত আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ সবলীকৰণ, যুৱ প্ৰজন্মৰ সবলীকৰণ, কৃষি, অৰ্থনৈতিক বিকাশ, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, আন্তঃগাঁঠনি, জনজাতি সম্পৰ্ক আৰু কল্যাণ, সবকা সাথ-সবকা বিকাশ, অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ, পৰ্যটন, সেউজ অসম আদি বিভিন্ন বিষয় সন্নিবিষ্ট কৰি সবিশেষ কৰ্মসূচী উল্লেখ কৰা হৈছে । উল্লেখ্য যে, বিজেপিৰ ৪৯ পৃষ্ঠাৰ 'সংকল্প পত্র'ৰ পৃষ্ঠাই পৃষ্ঠাই আছে চমকপ্ৰদ প্ৰতিশ্ৰুতি । অৱশ্যে ইয়াৰে বহু প্ৰতিশ্ৰুতি অসমৰ ৰ‍াইজে শুনি শুনি অভ্যস্ত হৈ পৰিছে ।

লগতে পঢ়ক:বৰপেটা জিলাৰ ৬ বিধানসভা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

ABOUT THE AUTHOR

...view details