গুৱাহাটী, 4আগষ্ট: "2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব ৷ কেৱল অসমতেই নহয় এইবাৰ বিজেপিৰ দখললৈ যাব মমতা বেনাৰ্জীৰ পশ্চিম বংগ ৷ কংগ্ৰেছে ৰাজ্যতো বাদেই কেন্দ্ৰতো 2029 লৈকে চৰকাৰ গঠন কৰিব নোৱাৰে৷" এই গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ ৷
শুকুৰবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত কাৰ্যনির্বাহক সমিতিৰ বৈঠকত ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে এইবুলি মন্তব্য কৰে ৷ মা কামাখ্যাৰ আশীৰ্বাদ লৈ 2021 ত 100 খন আসন লৈ পুনৰ ক্ষমতালৈ অহাৰ অংগীকাৰ কৰি নতুনকৈ নিৰ্বাচিত হোৱা সমিতিখনৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহকতেই একপ্ৰকাৰে নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে ৷
বৈঠকত অংশ লৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ মন্তব্য- “ বিজেপিৰ পুৰণি নেতাসকলৰ দলৰ প্ৰতি থকা ত্যাগ আৰু সংগঠনৰ বাবে কৰা কামৰ বাবে আজি দলে এনেকুৱা স্থান পাবলৈ সক্ষম হৈছে , তেওঁলোকক পাহৰি গ’লে নহ’ব, কিবা এটা পদ পালেই বুলিয়েই যে পাহৰি যাব তেওঁলোকক সেই কেতিয়াও গ্রহণযোগ্য নহয়৷ আমি নিৰ্বাচন খেলাৰ কাৰণে ২০১৬ চনত প্ৰাৰ্থী বিচাৰি পোৱা নাছিলোঁ৷ হিমন্তৰ নেতৃত্বত এটি বৃহৎ দলে আমাৰ দলত যোগদান কৰি শক্তি দিছিল, যাৰ বাবে আমি জয়ী হ’বলৈ সক্ষম হৈছিলো ৷ এইবাৰ আমি ১০০ আসনৰ বাবে একেলগে যুঁজিম ৷”