গুৱাহাটী,23 জুলাইঃসাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল। বৰাই কেন্দ্ৰত বিজেপি চৰকাৰৰ দিনত অসমে কিমান টকা বান সাহায্য হিচাপে লাভ কৰিছে ইয়াৰ এক তথ্যও দাঙি ধৰিছিল। ৰিপুন বৰাৰ বুধবাৰৰ তথ্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক তীব্ৰ আক্ৰমণ কৰি কয় যে,ৰিপুন বৰাই কোনোবা তৃতীয় পক্ষৰ আৰ টি আইৰ ভিত্তিত ভুল তথ্য লৈ সংবাদমেল অনুষ্ঠিত কৰিছে। ৰিপুন বৰা নাজানে,ৰিপুন বৰাক কোনোবাই ভুল তথ্য দিছে অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন হেৰুৱাবৰ শংকাত ভুল বকিছে ৰিপুন বৰাই বুলিও মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাক তীব্ৰ আক্ৰমণ কৰে ৰূপম গোস্বামীয়ে । গোস্বামীয়ে লগতে ইউ পি এ আৰু এন ডি এৰ বান সাহায্যৰ ধনৰ তথ্য দাঙি ধৰি কয় যে,ইউ পি এ-১ আৰু ইউ পি এ-২ৰ দহ বছৰত অসমে কেন্দ্ৰৰ পৰা বান সাহায্যৰ নামত লাভ কৰিছে মুঠ ১২ শ ১৪ কোটি টকা আৰু এন ডি এৰ শাসনকালত যোৱা ৬ বছৰত অসমে বৰ্তমানলৈকে লাভ কৰিছে ৩২ শ ৮০ কোটি টকা।
বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামী - প্ৰদেশ কংগ্ৰেছ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। ৰিপুন বৰাই নাজানে,ৰিপুন বৰাক কোনোবাই ভুল তথ্য দিছে অথবা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন হেৰুৱাৰ শংকাত ভুল বকিছে ৰিপুন বৰাই,মন্তব্য ৰূপম গোস্বামীৰ।
![বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামী বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামীবান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8144688-thumbnail-3x2-rupam-goswami.jpg)
বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামী
বান সাহায্য সন্দৰ্ভত ৰিপুন বৰাই দাঙি ধৰা তথ্য ভূুল তথ্য : ৰূপম গোস্বামী
ৰূপম গোস্বামীয়ে লগতে কয় যে কংগ্ৰেছৰ দলে বাৰম্বাৰ ৰাজনীতি নাই কৰা বুলি প্ৰচাৰ চলাই আছে। ৰাজনৈতিক দলৰ কামেই হৈছে ৰাজনীতি কৰা। কংগ্ৰেছে ৰাজনীতি নাই কৰা বুলি মিছা প্ৰচাৰ চলাইছে। স্বাধীনতাৰ ৭০ বছৰত কংগ্ৰেছৰ দলে ৰাজনীতিক একে এক পৰ্যায়লৈ নিছে যে এতিয়া কংগ্ৰেছৰ দল বাধ্য হৈছে ৰাজনীতি নাই কৰা বুলি ক'বলৈ। সংবাদমেলত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৰূপম গোস্বামীয়ে।
লগতে চাওকঃ কোৱাৰেন্টাইন কেন্দ্ৰত সমূহীয়া নাম জুৰিলে COVID আক্ৰান্তই
Last Updated : Jul 23, 2020, 7:29 PM IST