গুৱাহাটী, ৪ মাৰ্চ :ৰাজ্যত চলি আছে বিভিন্ন ছিণ্ডিকেট (cattle syndicate in Assam) । শেহতীয়াভাৱে গৰু ছিণ্ডিকেটক লৈ ৰাজ্যত তুমুল চৰ্চা চলিছে । আনহাতে, চৰকাৰে এই ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে সময়ে সময়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ কথা কৈ আহিছে । কিন্তু গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে এই গৰুৰ ছিণ্ডিকেট । এই গৰু ছিণ্ডিকেট চক্ৰৰ লগত জড়িত বিভিন্নজনক মাজে-সময়ে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰি আহিছে । তথাপি কিন্তু অব্যাহত আছে গৰু ছিণ্ডিকেট কাণ্ড ।
এইবাৰ গৰু ছিণ্ডিকেটৰ অভিযোগত আটক হ'বলগা হৈছে খোদ প্ৰাক্তন বিজেপি নেতা (BJP leader detained for cattle syndicate) । উত্তৰ-পূবত চলি থকা বৃহৎ গৰু ছিণ্ডিকেট চক্ৰত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে বিজেপি নেতা ভাস্কৰ চক্ৰৱৰ্তীক । গৰু ছিণ্ডিকেট চক্ৰৰ লগত জড়িতৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰে ভাস্কৰ চক্ৰৱৰ্তীক (cattle syndicate allegation against BJP leader) । উল্লেখ্য যে পূৰ্বতেও কেইবাটাও ছিণ্ডিকেটৰ সৈতে জড়িত হৈ জে'লৰ ভাত খাবলগা হৈছে ভাস্কৰ চক্ৰৱৰ্তীয়ে ।
আনহাতে, চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই পশ্চিমবংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগা হৈছিল ভাস্কৰ চক্ৰৱৰ্তী । সেইগৰাকী অভিযুক্ত ভাস্কৰ চক্ৰৱৰ্তীয়ে এইবাৰ পুনৰ গৰুৰ ছিণ্ডিকেটৰ অভিযোগত আটক হয় । লগতে ভাস্কৰ চক্ৰৱৰ্তীৰ চাৰিচকীয়া বাহনখনো জব্দ কৰে আৰক্ষীয়ে । ইফালে জানিব পৰা মতে, ভাস্কৰ চক্ৰৱৰ্তীয়ে নিজৰ বেংক একাউণ্টত ৫২ লাখ টকা লৈছিল গৰু সৰবৰাহৰ বাবে । এই গৰু ছিণ্ডিকেট চক্ৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান দিছপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ভাস্কৰ চক্ৰৱৰ্তীক । উল্লেখ্য যে বিজেপি কিষাণ মৰ্চাৰ নেতা হিচাপেও পৰিচিত আছিল ধৃত ভাস্কৰ চক্ৰৱৰ্তী ।
আনহাতে, শুকুৰবাৰে নিশা সংঘটিত হয় বিজেপি নেতাক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা । গুৱাহাটী মহানগৰ জিলা সম্পাদক বিজয় পাঠকক দুৰ্বৃত্তই আক্ৰমণ কৰে । গুৱাহাটী ৰে'ল ষ্টেচনৰ সন্মুখত দুৰ্বৃত্তই আক্ৰমণ কৰে বিজয় পাঠকক । দুৰ্বৃত্তৰ আক্ৰমণত পাঠকৰ আঘাতপ্ৰাপ্ত স্থানত ১৭ টাকৈ চিলাই কৰিবলগীয়া হৈছে । বিজেপি নেতাগৰাকীক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীক অভিযোগ দিয়া নাই বিজয় পাঠকে । লগতে কি কাৰণত বিজেপি নেতাজনক আক্ৰমণ কৰিলে সেই কথা বৰ্তমানলৈ পোহৰলৈ অহা নাই ।
লগতে পঢ়ক :Sexual harassment case: কিশোৰীক নিচাজাতীয় দ্ৰব্য খোৱাই যৌন নিৰ্যাতনৰ অভিযোগ আত্মীয়ৰ বিৰুদ্ধে