অসম

assam

ETV Bharat / state

BJP leader corruption: শ্ৰমিক কাৰ্ড দিয়াৰ নামত দৰিদ্ৰ মহিলাৰ পৰা আত্মসাৎ লক্ষাধিক টকা - লুণ্ঠন ৰাজ

শ্ৰমিক কাৰ্ড দিয়াৰ নামত দৰিদ্ৰ মহিলাৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰি এইবাৰ ৰাইজৰ ৰোষত পৰিছে ডিমৰীয়া অঞ্চলৰ এজন তথাকথিত বিজেপি নেতা। মালয়বাৰী অঞ্চলৰ নৃপেন ৰাজবংশী নামৰ যুৱকজনে নিজকে বিজেপিৰ আই টি চেলৰ সদস্য বুলি পৰিচয় দি ৬০০ টকাকৈ সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

BJP leader corruption
শ্ৰমিক কাৰ্ড দিয়াৰ নামত দৰিদ্ৰ মহিলাৰ পৰা আত্মসাৎ লক্ষাধিক টকা

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:20 PM IST

শ্ৰমিক কাৰ্ড দিয়াৰ নামত দৰিদ্ৰ মহিলাৰ পৰা আত্মসাৎ লক্ষাধিক টকা

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: সৰিয়হৰ ডুলিতেই ওলাল ভূত ৷ শ্ৰমিক কাৰ্ড দিয়াৰ নামত দৰিদ্ৰ মহিলাৰ পৰা লক্ষাধিক টকা আত্মসাৎ কৰি এইবাৰ ৰাইজৰ ৰোষত পৰিছে ডিমৰীয়া অঞ্চলৰ এজন তথাকথিত বিজেপি নেতা।

জানিব পৰা মতে, ডিমৰীয়াৰ মালয়বাৰী অঞ্চলৰ নৃপেন ৰাজবংশী নামৰ যুৱকজনে নিজকে বিজেপিৰ আই টি চেলৰ সদস্য বুলি পৰিচয় দি খাটি খোৱা সাধাৰণ লোকৰ পৰা একোখনকৈ শ্ৰমিক কাৰ্ড বনোৱাৰ নামত আত্মসাৎ কৰিছিল লক্ষাধিক টকা। দিছপুৰৰ বিধায়ক অতুল বৰাৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে নিজ গাঁও ডিমৰীয়াৰ প্ৰায় দুশগৰাকী লোকৰ পৰা শ্ৰমিক কাৰ্ড বনাই দিয়াৰ নামত ৬০০ টকাকৈ সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ।

কিন্তু নিজকে বিজেপিৰ আইটি চেলৰ সদস্য বুলি দম্ভালি মৰা এইগৰাকী বিজেপি যুৱ নেতাই দিনৰ পিচত দিন, মাহৰ পিচত মাহ উকলি যোৱাৰ পাচতো শ্ৰমিক কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ পিচতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল ৷ যাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিক কাৰ্ডৰ পৰা বঞ্চিত
ভুক্তভোগী লোকসকলে উচিত ন্যায় বিচাৰি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাষ চাপে ৷ লোকসকলে ক্ষোভ উজাৰি ৰাজহ চক্ৰ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে ৷

আনহাতে শ্ৰমিক কাৰ্ড দিয়াৰ নামত এই লুণ্ঠন ৰাজ চলোৱা নৃপেন ৰাজবংশীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে ক্ষেত্ৰী আৰক্ষী থানাত এজাহাৰো দাখিল কৰে ভুক্তভোগী মহিলাসকলে। বিজেপিৰ তথাকথিত যুৱনেতাগৰাকীৰ এনে কাণ্ডই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ ডিমৰীয়া অঞ্চলত। ইফালে ভুক্তভোগীয়ে কোৱা অনুসৰি নেতাজনে কাৰ্ডৰ লগতে তেওঁলোকক অন্য বহু সুবিধা দিব বুলিও কৈছিল নেতাজনে ৷

লগতে পঢ়ক:Pigeons killed : পুৰণি শত্ৰুতাৰ বাবে ২৩ টাকৈ পাৰ চৰাই নিধন কৰিলে দুৰ্বৃত্তই

ABOUT THE AUTHOR

...view details