গুৱাহাটী, 12 আগষ্ট : সততে নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপি দলৰ ভিতৰতে নাৰীৰ সুৰক্ষা নোহোৱা হৈছে । সতীৰ্থৰ ব্লেকমেইলিঙৰ বলি হৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’বলগীয়া হৈছে বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে । বিজেপিৰ শীৰ্ষ নেত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে দলটোৰ ভিতৰ মহলাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ ।
বিজেপিৰ কিষান মৰ্চাৰ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰে শুকুৰবাৰে শ্লিপিং টেবলেট খাই বামুণীমৈদামস্থিত নিজৰ বাসগৃহতে আত্মহত্যাৰ দৰে পথ বাছি লোৱা বুলি পোহৰলৈ অহাৰ পিচতে খবৰটোৱে লাভ কৰিছে বিশেষ চৰ্চা । উজনি অসমৰ বিজেপিৰ নেতা অনুৰাগ চলিহাৰ লগত থকা অন্তৰংগ মূহুৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে চৰম পন্থা বাছি ল’বলৈ বাধ্য হয় বিজেপি নেত্ৰীগৰাকীয়ে । বিজেপি নেতাৰ এই কাণ্ডত ইন্দ্ৰানী তহবিলদাৰে আত্মহত্যাৰ পথ বাছি লোৱাৰ পিছতে ৰাজ্যিক বিজেপিত হাহাকাৰ লগা পৰিলক্ষিত হৈছে ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে আবেলি ঘৰৰ ভিতৰত পৰি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ইন্দ্ৰাণীক । ইয়াৰ পিছতে জি এম চি এইচৰ মৰ্গত ৰখা হয় মৃতদেহটো । শনিবাৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব মৃত ইন্দ্ৰাণীৰ ।