গুৱাহাটী, ২০ জানুৱাৰী : বুধবাৰে বিপিএফৰ কেন্দ্রীয় যুৱ সমিতি, গণ সুৰক্ষা পাৰ্টী আদিকে ধৰি আন কেইবাটাও দল-সংগঠনৰ প্রায় ১০০ গৰাকী সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে । গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে তেওঁলােকক দলীয় গলবস্ত্ৰৰে আদৰণি জনায় ৷
আহিবলগীয়া সময়ত নতুন কার্যকর্তাসকলক সমর্পনৰ মনােভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনাই দাসে কয় যে, বিজেপিৰ জনকল্যাণমুখী কাম-কাজৰ প্রতি আকর্ষিত হৈ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজে ভাৰতীয় জনতা পার্টিত যােগদান কৰিছে, যিটো অসমৰ কাৰণে শুভ লক্ষণ । ৰাষ্ট্র প্রথম, দল দ্বিতীয় আৰু শেষত ব্যক্তি এই নীতিৰে পৰিচালিত বিজেপি কেৱল এটা দল নহয়, এটা অভিযান বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে, দলটোৰ প্রতি ৰাইজৰ আস্থা আৰু অধিক বৃদ্ধি পাইছে আৰু ইয়ে বিজেপিক পুনৰ এবাৰ ক্ষমতালৈ আনিব । ১৯ কোটি সদস্যৰে পৃথিৱীৰ ভিতৰত সর্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত বিজেপিৰ, অসমত ৫০ লাখ সদস্য আছে । আহিবলগীয়া সময়ত ৬৭ লাখ সদস্যৰ অন্তৰ্ভুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
বিৰােধীয়ে যিমানেই মহাজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয় আনহাতে, কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু আন কেইবাটাও ৰাজনৈতিক দলৰ মহাজোঁট সন্দৰ্ভত মন্তব্য কৰি সভাপতি দাসে কয় যে, বিৰােধীয়ে যিমানেই মহাজোঁট নকৰক কিয় বিজেপিৰ কোনাে ক্ষতি নহয় । এনেধৰণৰ মহাজোঁটে পূর্বেও বিজেপিক কোনাে ক্ষতি কৰিব পৰা নাছিল আৰু আগলৈও নকৰে । A+A=100 অর্থাৎ দলৰ কাম-কাজ আৰু চৰকাৰৰ সফলতা মিলি বিজেপিয়ে সমাগত বিধানসভা নির্বাচনত ১০০ খন আসনত বিজয়ী হােৱাটো নিশ্চিত বুলি দাসে উল্লেখ কৰে । সংখ্যালঘু সম্প্রদায়ৰ লােকসকল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহতীয়া নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিৰ প্রতি আস্থা প্রকাশ কৰা সংখ্যালঘু সম্প্রদায়ৰ লােকসকলে এইবাৰ বিজেপিক বিবেক ভােটৰ দ্বাৰা জয়যুক্ত কৰিব।
বিজেপিৰ অভিধানত প্রত্যাহ্বান নামৰ কোনাে শব্দ নাই বুলি উল্লেখ কৰি সভাপতি দাসে স্বাভিমানী অসমীয়া, ভাৰতীয়সকল বিজেপিৰ লগত আছে আৰু তেওঁলােকৰ আৰ্শীবাদেৰে দলটো আগবাঢ়ি যাব বুলি সন্তুষ্টি প্ৰকাশ কৰে । উল্লেখ্য যে, প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আঁত ধৰা অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ৰাজ্যিক উপ-সভানেত্রী ৰেখাৰাণী দাস বড়াে, উপ-সভাপতি মিহিনেশ্বৰ বসুমতাৰী, সম্পাদিকা পৰমী দাসৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকর্তাসকল উপস্থিত আছিল ।
লগতে পঢ়ক :ভাত খোৱাৰ পূৰ্বে হিমন্ত বিশ্বই তিনিবাৰ আজমলৰ নাম জপ কৰে !