গুৱাহাটী, ১ আগষ্ট: বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ IT CONVENERS সকলৰ এক গুৰুত্বপূৰ্ণ সভা । সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ নেতৃবৃন্দ ৷ লগতে সভাত অংশ লৈছে প্ৰতিখন জিলাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা আহ্বায়কসকলে ৷
আজিৰে পৰা প্ৰতি মঙলবাৰে ঘোষা অথবা প্ৰাৰ্থনা পৰিৱেশন কৰি কাৰ্যালয়ৰ কাম কাজ আৰম্ভ কৰা হ’ব । সভাৰ অন্তত সভাপতি ভৱেশ কলিতাই কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগ কলিতাই কয় যে ২০২৪ ক লৈ আমাৰ ৰণকৌশল সম্পূৰ্ণ হৈছে । সকলো স্তৰত আমি সাংগঠনিক ভেটি শক্তিশালী কৰিছোঁ । সকলো আঁচনি আমি একেবাৰে ভিতৰুৱা স্তৰলৈ লৈ গৈছোঁ । আনহাতে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে এই বজৰং দলটো ৰাষ্ট্ৰীয় বজৰং দল । আমাৰ লগত ইয়াৰ সম্পৰ্ক নাই ।
লগতে তেওঁ কয়, ‘‘এই বজৰং দল বিশ্ব হিন্দু পৰিষদৰ দলটো নহয় ।’’ তেওঁলোকে কি কৰি আছে আমি নাজানো বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷