গুৱাহাটী,৩ এপ্ৰিল: ৰাজ্যত ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল । বাকী আছে মাথো তৃতীয় তথা অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ । বিজেপি আৰু মিত্ৰজোঁটে সদ্যসমাপ্ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কিমান আসন লাভ কৰিব সেই বিষয়ে গেৰুৱা দলটোৱে নিজাববীয়াকৈ আভ্যন্তৰীণ সমীক্ষা চলাইছে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই শনিবাৰে প্ৰকাশ কৰিছে এই কথা ।
সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, দলটোৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ তত্বাৱধানত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা ৪৭ টা সমষ্টিৰ সমীক্ষা সম্পূৰ্ণ হৈছে । দলৰ প্ৰতিখন বুথ সমিতিৰ সহযোগত এই সমীক্ষা চলোৱা হৈছে । আনহাতে, ৩৯ টা সমষ্টিত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰো সমীক্ষা ইতিমধ্যে আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ৰ সমীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে ।
দলীয় সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সমীক্ষাৰ প্ৰতিবেদনত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে যি ৪৭ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট অনুষ্ঠিত হৈছিল তাৰে ৫ টা সমষ্টি বিজেপি বা মিত্ৰদলে লাভ নকৰাটো প্ৰায় নিশ্চিত । এই পাঁচটা সমষ্টি হৈছে ৰূপহীহাট, ধিং, নাওবৈচা, চামগুৰি আৰু বটদ্ৰবা ৷