গুৱাহাটী, ৯ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা সমষ্টিসমূহত বিজেপিয়ে নিজাকৈ সমীক্ষা চলোৱাৰ পিছত এইবাৰ দলটোৱে সম্পূৰ্ণ কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিৰ সমীক্ষা । গেৰুৱা দলটোৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই দলৰ প্ৰতিখন বুথ কমিটিৰ সহযোগত এই সমীক্ষা চলাইছিল । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, দ্বিতীয় পৰ্যায়ৰ সমীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে । সেই সমীক্ষা অনুসৰি, বৰাক উপত্যকাত মহাজোঁটে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বাবে বিজেপিৰ আসনৰ সংখ্যা পাঁচখনলৈ অৱনমিত হ'ব পাৰে বুলি আশংকা কৰা হৈছে ।
মন কৰিবলগীয়া যে, ২০১৬ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২৯ খন আসন লাভ কৰিছিল । ইয়াৰ বিপৰীতে কংগ্ৰেছে পাইছিল পাঁচখন আৰু এ আই ইউ ডি এফে লাভ কৰিছিল পাঁচখনকৈ আসন । বিজেপিৰ দলীয় সূত্ৰটোৱে সদৰী কৰা মতে দ্বিতীয় পৰ্যায়ৰ সমীক্ষাত বৰাক উপত্যকাত এইবাৰ গেৰুৱা দলটোৰ আসনৰ সংখ্যা হ্ৰাস পাব পাৰে বুলি আশংকা কৰাৰ বিপৰীতে পাহাৰীয়া জিলা দুখনৰ পাঁচখন আসনৰ চাৰিখনেই বিজেপিয়ে লাভ কৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈছে । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা বি টি আৰৰ চাৰিটাকৈ সমষ্টি পূৰ্বতে বি পি এফৰ দখলত আছিল যদিও এইবাৰ ইয়াৰে এটাও বি পি এফে লাভ কৰিবলৈ সক্ষম নহ'ব বুলি দ্বিতীয় পৰ্যায়ৰ সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে । দলীয় সূত্ৰটোৰ মতে, সেই চাৰিটা সমষ্টিৰ ভিতৰত মাজবাট, কলাইগাঁও আৰু পানেৰী বিজেপিৰ দখললৈ আৰু ওদালগুৰি সমষ্টি ইউ পি পি এলৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে ।