অসম

assam

ETV Bharat / state

Conflict in Assam Congress : বিজেপিৰ অমৃত কলহে 'কন্দল' লগাইছে কংগ্ৰেছত - Conflict in Assam Congress

দলৰ স্থিতিৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা, আব্দুল বাতেন খন্দকাৰ আৰু ৰেকিবুদ্দিন আহমেদে ভাগ ল'লে চৰকাৰৰ অমৃত কলহ যাত্রা কাৰ্যসূচীত । যাৰ বাবে প্ৰদেশ কংগ্ৰেছত ব্যাপক জোকাৰণি । কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত বহু নেতাৰ দলীয় পদবী ত্যাগৰ হুংকাৰ । দলৰ বিপৰীতে যোৱা তিনিজন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী । জোকাৰণিৰ মাজতে দিল্লীলৈ গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 10:29 PM IST

গুৱাহাটী, ৬ অক্টোবৰ :বিজেপি চৰকাৰৰ অমৃত কলহে কন্দল লগাইছে বিৰোধী দল কংগ্ৰেছত । চৰকাৰীভাৱে আয়োজন কৰা এই অমৃত কলহ যাত্রাত কংগ্ৰেছৰ তিনিজনকৈ বিধায়কে অংশগ্ৰহণ কৰাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈছে । বিশেষকৈ প্ৰদেশ কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে । উল্লেখ্য যে বিজেপি চৰকাৰে 'মোৰ মাটি মোৰ দেশ’ শ্লোগানেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে অমৃত কলহ যাত্রা । প্ৰদেশ কংগ্ৰেছে এই অমৃত কলহ যাত্ৰা কাৰ্যসূচী অগ্রাহ্য কৰিছে ।

প্ৰদেশ কংগ্ৰেছে অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ বিৰোধিতা তথা অগ্ৰাহ্য কৰাই নহয়, ইয়াক কঠোৰ ভাষাৰে সমালোচনাও কৰিছে । কিন্তু দলৰ এই স্থিতিৰ বিপৰীতে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে চৰকাৰৰ অমৃত কলহ যাত্রা কাৰ্যসূচীত ভাগ ল'লে । যাক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ক্ষোভিত হৈ পৰিছে একাংশ নেতা ।

লক্ষণীয় বিষয় যে বহু সময়ত চৰ্চাত থকা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ পৰা উলিওৱা অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ নেতৃত্ব দিছিল । দলৰ বিপৰীতে স্থিতি গ্ৰহণ কৰি তেওঁ এই অমৃত কলহ যাত্ৰাৰ যোগেদি সমাজখন একত্রিত হ’ব বুলি মন্তব্য কৰিছিল । যিটো সময়ত দলৰ নেতৃত্বই চৰকাৰী এই কাৰ্যসূচীক সমালোচনা কৰি আহিছে । ইফালে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে অমৃত কলহ যাত্ৰা কাৰ্যসূচীত ভাগ লোৱাৰ প্ৰসংগত দুই কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক অভিযোগ দাখিল কৰিছে ।

কিন্তু এই অভিযোগ দাখিলৰ পাছতে বৃহস্পতিবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰাত স্তম্ভিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ । বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধেও প্ৰদেশ কংগ্ৰেছে হাইকমাণ্ডক অভিযোগ দাখিল কৰিব । কিন্তু বৰ্তমান প্ৰেক্ষাপটত প্ৰকৃত কংগ্ৰেছ কৰা নেতা-কৰ্মীসকলক বিশেষভাৱে অসন্তুষ্ট কৰি তুলিছে । তিনি বিধায়কৰ এই দলবিৰোধী স্থিতিক লৈ প্ৰদেশ কংগ্ৰেছত ব্যাপক অসন্তুষ্টি সৃষ্টি হোৱাৰ সময়তে শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

দলৰ তিনিজন বিধায়কৰ এনে কাৰ্যত স্বাভাৱিকতে অস্বস্তিত পৰিছে ভূপেন বৰা । জানিব পৰা মতে, পূৰ্বৰ কাৰ্যসূচী অনুসৰি ভূপেন বৰা দিল্লীলৈ গৈছে যদিও দলৰ শীৰ্ষ নেতৃত্বৰে এই বিষয়টোত বিশদ আলোচনা হ'ব । কংগ্ৰেছ হাইকমাণ্ডেও এই বিষয়টোত উদ্বিগ্ন প্ৰকাশ কৰা বুলি দলীয় সূত্রত প্ৰকাশ । ইফালে তিনিজন বিধায়কৰ কাৰ্যত প্ৰদেশ কংগ্ৰেছত কন্দল আৰম্ভ হৈছে । প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই দলৰ সকলো বিষয়বাব ত্যাগ কৰাৰ বাবে সাজু হৈছে । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত দলৰ একাংশ নেতাই দলীয় পদবী ত্যাগ কৰাৰো হুংকাৰ দিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰে স্পষ্ট কৰি কয় যে কংগ্ৰেছৰ তিনিজন বিধায়কে অমৃত কলহ যাত্রাত ভাগ লোৱা কাৰ্যই দলীয় কৰ্মীসকল দুখিত কৰিছে । যাৰ বাবে তেওঁ নিজে আৰু দলৰ বহুকেইজন জিলা সভাপতিয়ে পদবী ত্যাগ কৰাৰ বাবে সাজু হৈছে বুলি জানিবলৈ দিয়ে । ৯ অক্টোবৰত ভূপেন বৰা দিল্লীৰ পৰা উভতি অহাৰ পাছত তেওঁলোকে স্মাৰক পত্র দি বিধায়ক তিনিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাব বুলি তেওঁ কয় ।

আনহাতে, ৰাণা গোস্বামীয়ে শুকুৰবাৰে নগাঁৱত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । কংগ্ৰেছত কিছু জনপ্ৰতিনিধিয়ে দুই তাল মাৰি কাম কৰি আছে বুলি তেওঁ বিস্ফোৰক অভিযোগ আনিছে । আনকি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সেইসকলৰ লগত থাকিব নে দলৰ নিষ্ঠাৱান কৰ্মীৰ লগত থাকিব সেয়া স্পষ্ট কৰিব কৈছে । আনহাতে, তেওঁ সমগ্ৰ বিষয় সন্দৰ্ভত এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈ পত্র প্ৰেৰণ কৰিছে । এক কথাত সভাপতি ভূপেন বৰাই বিজেপিৰ সৈতে মিলি থকা নেতাৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ ল'ব নোৱাৰাৰ বাবেই একাংশ নেতা ক্ষোভিত হৈ পৰিছে ।

উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছ নেতৃত্বই জোৰদাৰ অভিযান চলাই থকাৰ সময়তে দলৰ বিপৰীতে যোৱা এইসকল বিধায়কৰ ক্ষেত্রত নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Khel Maharan In Assam: ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ

ABOUT THE AUTHOR

...view details