গুৱাহাটী, 23 ডিচেম্বৰ: যোৱা সোম আৰু মঙলবাৰে বটদ্ৰৱাৰ কেইবাটাও স্থানত উচ্ছেদ চলাই নগাঁও জিলা প্ৰশাসনে (Eviction drive in Batadrava) ৷ সত্ৰৰ ভূমি অৱৈধভাৱে দখল কৰি বসবাস লোকসকলক সেই স্থানৰ পৰা উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা হয় (Encroached land eviction in Batadrava) ৷ এই উচ্ছেদৰ সময়ত যাতে কোনো উত্তেজনা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাদিনো আগৰে পৰা উক্ত স্থানত আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছিল ৷
ভূমি বেদখলৰ বিৰুদ্ধে চলা এই উচ্ছেদ সন্দৰ্ভত সদৌ অসম সংখালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (AAMSU reacts on Batadrava eviction) । আমছুৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সভাপতি ৰেজাউল কৰিম সৰকাৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
উল্লেখ্য যে, মুঠ 302 টা পৰিয়ালে দীৰ্ঘদিনৰ পৰা ভূমি বেদখল কৰি বসতি স্থাপন কৰি আহিছিল সেই স্থানত ৷ উচ্ছেদ চলোৱাৰ পূৰ্বেই বটদ্ৰৱাৰ চৰকাৰী ভূমিত থকা 230 টা পৰিয়াল নিজেই বাসগৃহ ভাঙি আঁতৰি গৈছিল (Satra land encroached in Batadrava)। কিন্তু ইয়াৰে 72 টা পৰিয়ালক প্ৰশাসনে বুল্ডজাৰৰ সহায়ত উচ্ছেদ কৰিছিল । বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি, লালুং বস্তি আদিত অভিযান উচ্ছেদ কৰা হৈছিল 72 টা পৰিয়ালক (Batadrava eviction news)।
ৰেজাউল কৰিম সৰকাৰে কয়, ‘‘চৰকাৰে বিভিন্ন সময়ত বেআইনীভাৱে উচ্ছেদ চলাই আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সময়ে সময়ে সংখ্যালঘুসকলক টাৰ্গেট কৰি এনেধৰণৰ কাম কৰে । চৰকাৰে সংখ্যালঘুসকলক গিনিপিগ সজাই সম্পূৰ্ণ বেআইনীভাৱে উচ্ছেদ চলায় । উচ্ছেদ চলা ঠাইত থকা লোকসকলক অন্ততঃ খোৱাপানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে । কিন্তু তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে নলা, নৰ্দমা, পুখুৰী, খাল, নদীৰ পানী খাবলৈ কৈছে উচ্ছেদিতসকলক’’ ।