গুৱাহাটী, ১৮ এপ্ৰিল: সোমবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰা হয় । বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে ৰাইজৰ দলে । সংবাদমেলখন সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদ চিন্ময় বৰা আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে (Raijor dal press meet in Guwahati) ।
সংবাদ মেলৰ আৰম্ভণিতে নিয়াৰ আদালতত অখিল গগৈৰ বিৰুদ্ধে চলি থকা গোচৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় । উচ্চতম ন্যায়ালয়ত নিয়াই গোচৰ তৰিছিল অখিল গগৈৰ বিৰুদ্ধে । আজি উচ্চতম ন্যায়ালয়ে এই গোচৰ সন্দৰ্ভত এটা ৰায় দিয়ে, "এই গোচৰটো নিয়াৰ আদালততে চলি থাকিব আৰু গোচৰ চলি থকাৰ সময়ত অখিল গগৈয়ে জামিনত থাকিব পাৰিব" (Raijor dal slams BJP govt) ।
আনহাতে, সংবাদ মেলত নিবনুৱা সমস্যাক লৈ সোচ্চাৰ ৰাইজৰ দল । মিছা কথা কৈ কৈ নিবনুৱা সকলক মোহাচ্ছন্ন কৰি ৰাখিছে বিজেপিয়ে, এই বুলি বিভিন্ন যুক্তি দাঙি ধৰে তেওঁলোকে । ইপিনে SSC, লোকসেৱা আয়োগ, প্ৰতিৰক্ষা বিভাগৰ তথৈবচ অৱস্থাৰ কথাও উল্লেখ কৰে । চাকৰি দিব পৰা নাই সংশ্লিষ্ট বিভাগসমূহে । সংকল্প পূৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । ২ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি ১ লাখ চাকৰিও দিব নোৱাৰাৰ অভিযোগ তোলে সংবাদমেলত (Raijor Dal on Unemployment)।