গুৱাহাটী, 24 জুলাই : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভোট কিনিছিল বিজেপি চৰকাৰে । এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ । শনিবাৰে এজেপিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে ভাৰতৰ ভিতৰত অসমত আঁচনিখনৰ নামত সৰ্বাধিক অনিয়ম হৈছে । ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে বিজেপি চৰকাৰে অসমত প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন ভুৱা কৃষকক প্ৰদান কৰিলে বুলি তেওঁ সদৰী কৰে ।
তেওঁ কয়-' কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত দিয়া তথ্য মতে অসমত 8.35 লাখ অযোগ্য কৃষকৰ বিপৰীতে 554 কোটি টকা আদায় দিয়া হৈছিল । 2020 চনৰ নৱেম্বৰৰ পৰা 2021 চনৰ মাৰ্চলৈ এই ধন আদায় দিয়া হৈছিল । দেশৰ মুঠ ভুৱা কৃষকৰ এক পঞ্চমাংশ তথা 19.8 শতাংশ অসমৰে । কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যৰ বিপৰীতে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী পুৰুষোত্তম ৰুপালাৰ উপস্থিতিত সংবাদমেলযোগে দিয়া তথ্য মতে অসমত 11.72 লাখ অযোগ্য কৃষক পোৱা গৈছে ।
ইফালে RTI ৰ তথ্য মতে আঁচনিখনৰ অধীনত অসমৰ 9,39,146 গৰাকী ভুৱা কৃষকক ধন ঘূৰাই দিবলৈ কোৱা হৈছে । এতিয়ালৈকে মাত্ৰ 817 গৰাকীয়েহে ধন উভতাই দিছে । তিনিওটা তথ্যৰ মাজত কোনো মিল নাই ।