অসম

assam

ETV Bharat / state

মহানগৰীত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

মহানগৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ সভাত উপস্থিত সাংসদ কুইন ওজা ৷ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাত ৷

bjp-executive-meeting-held-in-guwhati
মহানগৰীত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

By

Published : Nov 17, 2020, 3:34 PM IST

গুৱাহাটী, 17 নৱেম্বৰ : মঙলবাৰে মহানগৰীৰ বৰিপাৰাস্থিত হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিজেপিৰ মহানগৰ সমিতিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা। অনুসূচিত জাতি-জনজাতিৰ কৰ্মীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় সভাৰ ।

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ মন্তব্য

আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিগৰাকী কৰ্মকৰ্তাৰ কি দায়িত্ব হ'ব আৰু কোনে কি ভূমিকা ল'ব তাৰ ওপৰতো আলোচনা কৰা হয় কাৰ্যনিৰ্বাহক সভাত । ইফালে,1 ডিচেম্বৰৰ পৰা ঘৰে ঘৰে গৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ সফলতাৰ বিশেষ প্ৰচাৰ কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে অনুসূচিত জাতি মৰ্চাই ।

উল্লেখ্য যে,সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ।

লগতে পঢ়ক :বুঢ়া বাথৌৰ ওচৰত আঠু লৈ আশীৰ্বাদ ল'লে হাগ্ৰামাই

ABOUT THE AUTHOR

...view details