অসম

assam

By

Published : Jan 27, 2021, 5:53 PM IST

Updated : Jan 27, 2021, 7:33 PM IST

ETV Bharat / state

খানাপাৰাত মুকলি 'ৰাইজৰ আশা আমাৰ ইস্তাহাৰ' শীৰ্ষক দৃশ্য-শ্ৰব্য বাহন

খানাপাৰাত মুকলি কৰা হয় ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা শীৰ্ষক এখন দৃশ্য-শ্ৰব্য বাহন ৷ বাহনখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

bjp-election-campain-van-open-in-khanapara
খানাপাৰাত মুকলি হয় 'ৰাইজৰ আশা আমাৰ ইস্তাহাৰ'ৰ ভাষা দৃশ্য-শ্ৰব্য বাহন

গুৱাহাটী, 27 জানুৱাৰী : বুধবাৰে খানাপাৰাত মুকলি কৰা হয় ৰাইজৰ আশা আমাৰ ইস্তাহাৰৰ ভাষা শীৰ্ষক এখন দৃশ্য-শ্ৰব্য বাহন ৷ বাহনখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, জাতি, মাটি, ভেঁটি, বিদেশী মুক্ত অসম, সন্ত্ৰাসবাদ মুক্ত অসমৰ প্ৰতিশ্ৰুতি লৈ শাসনত অধিষ্ঠিত হোৱা চৰকাৰে আজি এই সকলোবোৰ কৰিবলৈ সফল হৈছে ৷

মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ মন্তব্য

লগতে কয় যে, আমাৰ চৰকাৰৰ চাৰে চৰি বছৰ হ'ল ৷ কিন্তু ক'ভিডৰ সময়খিনিলৈ চালে আমাৰ তিনি বছৰো হোৱা নাই ৷ তথাপিও আমি শক্তিশালীভাৱে প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছো ৷ সন্ত্ৰাসবাদ মুক্ত অসম গঢ়ি তোলা বাবে আজি বহু উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সমৰ্পণ কৰি ঘূৰি অহা বাবে কৰ্ম-সংস্কৃতিৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷ আমাৰ চৰকাৰৰ কাৰ্যকালত 222 কিলোমিটাৰ বনাঞ্চল কৰিবলৈ সক্ষম হলো ৷ বিদেশী মুক্ত অসমৰ বাবে প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ ভূমিকাত ব্ৰহ্মপুত্ৰৰ ওপৰত ইজৰাইলৰ পৰা চেনচৰ আনি ভাৰত-বাংলাদেশৰ সীমা চিৰদিনৰ কাৰণে বন্ধ কৰা হ’ল বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক :জামাল উদ্দিন আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ ছিদ্দিক আহমেদৰ

ইফালে, এডভান্টেজ অসমৰ দ্বাৰা 79 হাজাৰ কোটি টকা বিনিয়োগৰ চুক্তি হৈছিল আৰু 55 হাজাৰ কোটি টকা এতিয়ালৈকে অসম উন্নয়নৰ নামত বিনিয়োগৰ ব্যয় কৰা হৈছে ৷ ইয়াৰ উপৰিও ৰাজেন গোঁহাইৰ দিনতে ৰে'লৱে ড্ৰাবল ট্ৰেকিঙৰ কাম আৰম্ভ হ’ল ৷ এতিয়ালৈকে 43 খন ট্ৰেইন চলাচল কৰা হ’ল ৷ বৰাকলৈ বৰ্তমান 12 খন ট্ৰেইন আৰু ধেমাজিলৈ ট্ৰেইন চলিল বুলিও মন্তব্য কৰে ৷ সেয়ে, 100 খন ভানে বিজেপিয়ে কৰা কামৰ খতিয়ান লৈ নিৰ্বাচনৰ আগত ৰাইজৰ ওচৰলৈ যাব ৷ ৰাইজৰ পৰামৰ্শমতে নিৰ্বাচনী ইস্তহাৰত সন্নিৱিষ্ট কৰা হ’ব ৷ তাৰ বাবে এই দৃশ্য শ্ৰব্য বাহন সমূহ ৰাইজৰ কাষলৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক :পুনৰ আহি আছে প্ৰধানমন্ত্ৰী মোডীঃ এইবাৰ ঢেকীয়াজুলিত বিশাল সভা

Last Updated : Jan 27, 2021, 7:33 PM IST

ABOUT THE AUTHOR

...view details