গুৱাহাটী, 21 অক্টোবৰ : কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কোৱা বিজেপি আজি নিজেই বিজেপি মুক্ত হৈ পৰিছে । বিজেপিয়ে যিমানেই কষ্ট নকৰক কিয় কংগ্ৰেছৰ নেতাকেই শিৰত বহুৱাব লাগে । এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র তথা সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰোহণ গুপ্তাৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়-' অসমত বিজেপি ক'ত আছে। কংগ্ৰেছৰ নেতাৰেই বিজেপি চলি আছে , এইয়াই বিজেপিৰ অৱস্থা ।'
বিজেপিক গঢ় দিয়া সকল আজি অস্তিত্বহীন । তেওঁলোকৰ নিজৰ নেতা নাই বাবেই আনৰ পৰা নিবলগীয়া হৈছে। এনেদৰে দীঘলীয়া ৰাজনীতি চলিব নোৱাৰে । আমাৰ দলত আমাৰ কাৰ্যকৰ্তাক গুৰুত্ব দিয়া হয় । উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়- '' অসমত উপ নিৰ্বাচন জাপি দিয়া হৈছে । অসমৰ ৰাইজে উপলব্ধি কৰিছে যে এইখন চৰকাৰে ৰাইজৰ বিৰুদ্ধে কাম কৰিছে । জনতাৰ ৰায়ক তেওঁলোকে অপমান কৰিছে । অসমৰ ৰাইজে ইয়াৰ উচিত উত্তৰ দিব । উপ নিৰ্বাচনত কংগ্ৰেছৰ ভাল ফলাফল হ'ব । '