অসম

assam

ETV Bharat / state

GMC Election 2022 : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা - candidates for GMC elections 2022

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) ৰ বাবে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা(BJP declares candidate list for GMC elections 2022) ৷ সেই অনুসৰি, নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ বাকী ৭ টা ৱাৰ্ডত বিজেপিৰ মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

bjp-declares-list-of-candidates-for-gmc-elections-2022
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

By

Published : Mar 29, 2022, 2:28 PM IST

গুৱাহাটী, 29 মাৰ্চ:গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ(GMC Election 2022) বাবে বিজেপিৰ ৰাজ্যিক কমিটিয়ে সোমবাৰে নিশা ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা(BJP declares candidate list for GMC elections 2022) ৷ বিজেপিৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৫৩ টা ৱাৰ্ডৰ বাবে প্ৰার্থীৰ প্ৰথম তালিকা ঘোষণা কৰা হৈছে ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ তৰফৰ পৰা ৫৩ টা ৱাৰ্ডৰ বাবে প্ৰার্থীৰ প্ৰথম তালিকা ঘোষণা কৰা হৈছে ৷

গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ বাকী ৭ টা ৱাৰ্ডত বিজেপিৰ মিত্ৰদল অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ বিজেপিয়ে অগপক ৬০ টা ৱাৰ্ডৰ মাত্ৰ ৭ টা ৱাৰ্ড এৰি দিয়াৰ বাবে অগপৰ তৃণমূল কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত এগৰাকী অগপৰ বিধায়ক থকাৰ পিছতো মাত্ৰ সাতটা ৱাৰ্ডতে অগপক বিজেপিয়ে সীমাবদ্ধ কৰি ৰখা বিষয়টো ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷ বৰ্তমানলৈ অগপই ৭ টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই ৷ বিগত পৌৰ নিগমৰ নিৰ্বাচনত ৩১ টা ৱাৰ্ডৰ ভিতৰত ১৮ টা বিজেপি আৰু এটা ৱাৰ্ড অগপৰ দখলত আছিল ৷

আনহাতে, ১৯ এপ্ৰিলত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰিছে ৷ ৩০ মাৰ্চ গুৱাহাটী পৌৰ নিগমৰ বাবে মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে ৷ ৪ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন নিৰ্ধাৰণ কৰা হৈছে ৷ ইতিমধ্যে প্ৰধান বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷

লগতে চাওক:GMC election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সাতজন নিৰীক্ষকক নিয়োগ

ABOUT THE AUTHOR

...view details