অসম

assam

ETV Bharat / state

৫ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব ৫ মাৰ্চত । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰই ই টিভি ভাৰতৰ আগত দেওবাৰে প্ৰকাশ কৰিছে এই কথা । যিহেতু ২৭ মাৰ্চত উজনি অসম আৰু উত্তৰ অসমৰ সমষ্টিসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেয়েহে প্ৰথমখন তালিকা মূলতঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ প্ৰাৰ্থীৰহে হ'ব বুলি দলীয় সুত্ৰটোৱে প্ৰকাশ কৰিছে ।

By

Published : Feb 28, 2021, 5:27 PM IST

bjp-candidate-list
৫ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

গুৱাহাটী,28ফেব্ৰুৱাৰীঃবিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব ৫ মাৰ্চত । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সুত্ৰই ই টিভি ভাৰতৰ আগত দেওবাৰে প্ৰকাশ কৰিছে এই কথা । যিহেতু ২৭ মাৰ্চত উজনি অসম আৰু উত্তৰ অসমৰ সমষ্টিসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব সেয়েহে প্ৰথমখন তালিকা মূলতঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ প্ৰাৰ্থীৰহে হ'ব বুলি দলীয় সুত্ৰটোৱে প্ৰকাশ কৰিছে ।

ইপিনে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পূৰ্বে দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ সৈতে আলোচনাত বহিব বিজেপি । তদুপৰি আসন ভাগ বতৰাক লৈ মিত্ৰ দল কেইটাৰ মাজত এই আলোচনা ৩ মাৰ্চত দিল্লীত অনুষ্ঠিত হ'ব । আনহাতে অসমৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে বিজেপিয়ে নিযুক্তি দিয়া কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ দেওবাৰে আহি উপস্থিত হৈছে গুৱাহাটীত ৷ সুত্ৰটোৱে লগতে এই বুলিও প্ৰকাশ কৰিছে যে,দেওবাৰে নিশা অগপ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্ব আসন ভাগ বতৰাক লৈ প্ৰাৰম্ভিক আলোচনাত মিলিত হ'ব ৷

লগতে পঢ়কঃকালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ABOUT THE AUTHOR

...view details