গুৱাহাটী, ৮ অক্টোবৰ : মুকলি হ'ল ৰাজ্যিক বিজেপিৰ ৰাজপ্ৰাসাদ সদৃশ সুবিশাল কাৰ্যালয় (BJP Assam State Office inaugurated) । গুৱাহাটীৰ বশিষ্ঠত ৪ বিঘা ভূমিত নিৰ্মাণ কৰা ৬ মহলীয়া আৰু প্ৰায় এক লাখ বৰ্গফুটৰ বিশাল অট্টালিকাৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ (Amit Shah inaugurated Assam BJP Office) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।
উদ্বোধনী ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে আজি তেওঁ কেন্দ্ৰীয় মন্ত্রী হিচাপে নহয়, দলীয় কাৰ্যকৰ্তা হিচাপে ইয়ালৈ আহিছে । মা কামাখ্যাৰ আশিসধন্য আৰু শংকৰদেৱ-মাধৱদেৱৰ এই পবিত্র ভূমি কংগ্ৰেছৰ আমোলত হিংসা-হত্যাৰে সন্ত্রাসজৰ্জৰ হৈ আছিল । দেশৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক লৈ চিন্তা হৈছিল । এই অঞ্চলৰ কোনো ধৰণৰ বিকাশ হোৱা নাছিল (JP Nadda inaugurated Assam BJP Office) । ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে বিকাশৰ পথ প্ৰশস্ত হয় ।
২০১৪ চনৰ পৰা ২০২২ চনলৈ সন্ত্রাসৰ পথত থকা ৯০০০ যুৱক-যুৱতী মূলসূঁতিলৈ ঘূৰি আহিছে । শান্তি প্ৰতিষ্ঠা হোৱা বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ৬০ শতাংশ এলেকাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা হৈছে । ৰাহুল গান্ধীৰ দৰে বিজেপিয়ে নিৰ্বাচনী খেল নেখেলে বুলি তেওঁ কয় (Union Home Minister Amit Shah) । তেওঁ লগতে কয় যে অসম চৰকাৰে এক লাখ চাকৰি দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ় সংকল্পবদ্ধ । অসমত ফৰেনছিক ছায়েন্সৰ বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথাও তেওঁৰ ভাষণত দোহাৰে ।
প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে হিতেশ্বৰ শইকীয়াৰ দিনত এবিভিপিৰ সদস্য হিচাপে অসমলৈ আহোঁতে কিদৰে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়া হৈছিল । সেইখন অসমত বিজেপিৰ শাসন হ'ব বুলি তেতিয়া কল্পনা কৰা নাছিল । কিন্তু ৰাইজৰ আস্থা আৰু বিশ্বাসত বিজেপিয়ে সেৱা কৰাৰ সুযোগ লাভ কৰিছে । ৰাজ্যিক বিজেপিৰ অত্যাধুনিক কাৰ্যালয়টো কংক্ৰিটৰ এটা ঘৰ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এইটো মন্দিৰতকৈ কম নহয় । তেওঁ লগতে কয় যে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়টো দিল্লীৰ মুখ্য কাৰ্যালয়তকৈ কোনোগুণে কম নহয় (BJP National President JP Nadda) ।
তেওঁ কয় যে কাৰ্যকৰ্তাৰ সিদ্ধান্ত আৰু ত্যাগ-বলিদানৰ যোগেদি দল শক্তিশালী হয় । যিসকল কাৰ্যকৰ্তাৰ ত্যাগ-বলিদানৰ বাবে আজি দলটো এজোপা বটবৃক্ষত পৰিণত হ'ল সেইসকল কাৰ্যকৰ্তাক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে । অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয় যে দেশজুৰি দলৰ জিলা মুখ্য কাৰ্যালয় স্থাপন কৰা হ'ব । ৫১২ টা জিলা কাৰ্যালয়ৰ ভিতৰত ইতিমধ্যে ২৩৫ টা সম্পূৰ্ণ হৈছে আৰু ১৫৪ টা শীঘ্ৰেই মুকলি কৰা হ'ব । প্ৰতিখন জিলাতে ২০২৪ চনৰ ভিতৰত দলৰ কাৰ্যালয় কৰা হ'ব । এই কাৰ্যালয়সমূহ সাধাৰণ অফিচ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই কাৰ্যালয়সমূহ সমৰ্পণ তথা সভ্যতা-সংস্কৃতিৰ কেন্দ্ৰ (Assam State BJP new office) ।
বিজেপি এটা বিচাৰশীল দল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ আজিৰ তাৰিখত কোনো বিচাৰ নাই । একমাত্র বিজেপি দল বিচাৰত সমৰ্পিত দল । তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনত আজি অসম সকলো দিশতে আগুৱাই যাবলৈ সক্ষম হৈছে । তেওঁ দলীয় কৰ্মকৰ্তাসকলক সেৱাৰ মনোভাবেৰে কাম কৰি যাবলৈ আহ্বান জনায় । অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ভাৰ্চুৱেলি বিজেপিৰ ১০২ টা মণ্ডল কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । আনহাতে, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৯ খন সাংগঠনিক জিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।