অসম

assam

ETV Bharat / state

SI পৰীক্ষাৰ বিষয়টো কেলেংকাৰী নহয়, বেমেজালিহে: ৰূপম গোস্বামী

দেওবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰি SI পৰীক্ষাৰ গাফিলতি আৰু কৃষক নেতা অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ৷

By

Published : Sep 27, 2020, 7:54 PM IST

BJP Assam spokes person Rupam Goswami Pressmeet
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

গুৱাহাটী, 27 ছেপ্তেম্বৰ: মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে সংবাদমেল সম্বোধন কৰি SI পৰীক্ষাৰ গাফিলতি আৰু কৃষক নেতা অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰে ৷

তেওঁ কয় যে, ‘‘অখিল গগৈয়ে SI পৰীক্ষাৰ বিষয়টো কেলেংকাৰী বুলি কৈছে । কিন্তু এইটো কেলেংকাৰী নহয়,বেমেজালিহে । কংগ্ৰেছৰ দিনত APSCত যি হৈছিল, সেইটো কেলেংকাৰী । এচাম দুস্কৃতি কাৰীয়ে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তি ম্লান কৰিব চেষ্টা কৰিছে । কিন্ত দোষীৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে’’ ।

‘‘অখিল গগৈৰ আন্দোলনৰ সত্তাক সন্মান কৰো, কিন্তু তেওঁৰ শব্দ-বাক্যবোৰ ৰাইজে গ্ৰহণ কৰিব নোৱাৰে । দৈয়াং টেঙানি কৃষকক এক ইঞ্চি মাটি দিব পাৰিছেনে? তেওঁ নাটক কৰে,আমিহে প্ৰকৃত কাম কৰো’’ । সংবাদমেলযোগে অখিল গগৈ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

ইয়াৰোপৰি তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে,‘‘কংগ্ৰেছৰ দিনত তেওঁ এটা ফাইল লৈ ফুৰিছিল । ক’ত ক’ত কাৰ মাটি আছে কৈছিল, কিন্তু আজি কিয় নকয়? গুৱাহাটীত মাটি আৰু ঘৰ ক’ৰ পৰা কৰিছে তেওঁ ৰাজহুৱা কৰক । কাজিৰঙাৰ অৰ্কিড ফাৰ্মো তেওঁ নিজৰ নামত কৰি ল’লে ৷ APSCৰ ক্ষেত্ৰত 52 জন কেলেংকাৰী বিষয়াক জেললৈ পঠোৱা হ’ল । এই বিষয়টো তেওঁ ভাল পালে নে বেয়া পালে কিয় নকয়?’’

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

SI পৰীক্ষাৰ গাফিলতিক লৈ তেওঁ কয় যে, ‘‘SI পৰীক্ষাৰ বিষয়তো দুৰ্ভাগ্যজনক । কিন্ত আকৌ পৰীক্ষাৰ তাৰিখ দিয়া হৈছে । সকলোখিনি সুচাৰুৰূপে কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ ৷ দিবন ডেকা দলৰ কোনো পোষ্টত নাই । পলাই থাকিলেই দোষী বুলি ক’ব নোৱাৰি । কিন্তু দোষীৰ যদি শাস্তি হওঁক’’ ৷

লগতে পঢ়ক:SI কাণ্ডৰ নতুন মোৰ: নিতুল বৰ্মনৰ সন্ধানত আৰক্ষী

ABOUT THE AUTHOR

...view details