অসম

assam

By

Published : Dec 6, 2020, 10:45 PM IST

ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ স্বাগতম জনায়। তেওঁ কয় যে, জন্মলগ্নৰে পৰা বিজেপিয়ে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

গুৱাহাটী,৬ ডিচেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ, নীতি তথা মূল্যবোধৰ প্ৰতি আকৰ্ষিত হৈ দেওবাৰে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক কলা- কুশলীয়ে আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ স্বাগতম জনায় । তেওঁ কয় যে, জন্মলগ্নৰে পৰা বিজেপিয়ে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে । ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শিল্পী সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পীসকলক তেওঁলোকৰ মানৱীয় অনুভূতিৰে সমাজত সমন্বয়ৰ বাৰ্তা বিলাই দিবলৈ আহ্বান জনায় ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমাক সংঘাত নহয় সমন্বয় লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে অপ শক্তি সমূহক প্ৰত্যাখ্যান কৰি শুভ শক্তি সমূহক আঁকোৱালি লোৱাৰ বাবেও সকলোকে আহ্বান জনায় । সাংস্কৃতিক সম্পদৰাজিৰ ক্ষেত্ৰত অসমৰ যথেষ্ট সমল আছে বুলি প্ৰকাশ কৰি সোণোৱালে কয় যে, অসমক ভাৰতৰ আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে মনস্থ কৰিব লাগিব আৰু তাৰ বাবে সততা নিষ্ঠা আৰু কৰ্ম সংস্কৃতিৰে নিজকে একোগৰাকী দক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব । জনসাধাৰণৰ মাজত দলৰ আস্থা বৃদ্ধি কৰাৰ লগতে দলটোক শক্তিশালী ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে দলৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসক ভূয়সী প্ৰশংসা কৰে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

উল্লেখযোগ্য যে সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মুখ্য সম্পাদক মণিকাঞ্চন বুঢ়াগোহাঁইৰ লগতে কৈলাস ৰাভা, ৰমেন তামুলী, সঞ্জীৱ দত্ত, প্ৰাঞ্জল বৰুৱা, কুকিল সিংহ, গীতাৰ্থ প্ৰিয়ম গগৈ, বাবলু হাজৰিকা, প্ৰণৱ শৰ্মা, মঞ্জুমালা শইকীয়াৰ নেতৃত্বত সমগ্ৰ অসমৰ প্ৰায় ১৩ শতাধিক কলা-কুশলীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাবে যোগদান কৰে । ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ-সভাপতিদ্বয় স্বপ্ননীল বৰুৱা, পুলক গোঁহাই, ৰাজ্যিক বিজেপিৰ সম্পাদক কৃষ্ণমনি চুতীয়া, ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ-আহ্বায়কদ্বয় বিদ্যাসাগৰ আৰু জয়ন্ত ভাগৱতী, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ABOUT THE AUTHOR

...view details