গুৱাহাটী, ২৬ এপ্ৰিল: দেশজুৰি ক'ভিড-১৯ ৰ সংক্ৰমণৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে । সোমবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ উলুবাৰীৰ ডিটিআৰপি ইণ্ড'ৰ ষ্টেডিয়ামত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান' কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । এই কাৰ্যসূচীত ৪৫ বয়সৰ উৰ্ধৰ মহিলাসকলক টীকাকৰণৰ কৰাৰ পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰা হয় ।
বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান' - বিজেপি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টীকাকৰণ অভিযান'
সোমবাৰে পুৱা ৯ বজাত গুৱাহাটীৰ উলুবাৰীৰ ডিটিআৰপি ইণ্ড'ৰ ষ্টেডিয়ামত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত 'সামূহিক টিকাকৰণ অভিযান' কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সহযোগিতা কৰাৰ অৰ্থে মহিলা মৰ্চাই এই কাৰ্যসূচী গ্ৰহণ কৰে ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাই কয় যে ভাৰতীয় জনতা পাৰ্টীৰ মূলমন্ত্ৰ 'সেৱাই সংগঠন' ক সাৰোগত কৰি প্ৰদেশ মহিলা মৰ্চাই এই জটিল পৰিস্থিতিৰ সময়ত জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । এয়া আমাৰ সকলোৰে কৰ্তব্য, জনকল্যাণৰ স্বাৰ্থত আগলৈও এনেধৰণৰ কাৰ্যসূচীৰ দ্বাৰা সকলোৰে সহযোগিতা কৰিবলৈ পালে সুখী হ'ব বুলি সংবাদ মাধ্যমৰ আগত জনায় । উল্লেখযোগ্য যে, সোমবাৰৰ এই কাৰ্যসূচীত ৩০০ ৰো অধিক মহিলাই টীকাকৰণ অভিযানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: মহানগৰীৰ লালুংগাঁৱত পিষ্টলসহ এজন অস্ত্ৰ সৰবৰাহকাৰী আটক