অসম

assam

উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

By

Published : Oct 4, 2021, 2:28 PM IST

সোমবাৰে উপ-নিৰ্বাচন(By Election)ৰ বাবে ভৱানীপুৰ, থাওৰা আৰু মৰিয়নী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপি(BJP)ৰ ৷ কোন তিনিটা সমষ্টিত কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিছে, জানিবলৈ সবিশেষ পঢ়ক...

bjp-announces-three-constituencies-candidate-name
তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

গুৱাহাটী, 4 অক্টোবৰ : আগন্তুক উপ-নিৰ্বাচন(By Election)ৰ বাবে সোমবাৰে তিনিটা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপি(BJP)য়ে । অৱধাৰিতভাৱই এই তিনিজনীয়া প্ৰাৰ্থীৰ তালিকাখনত স্থান পাইছে তিনি ন-বিজেপি তথা তিনি প্ৰাক্তন বিধায়কে ।

ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত ফণী তালুকদাৰ(Phani Talukdar)ক, থাওৰা সমষ্টি(Thowra Constituency)ত সুশান্ত বৰগোহাঁই(Sushanta Borgohain)ক আৰু মৰিয়নী সমষ্টি(Mariani Constituency)ত ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)ক দলীয় প্ৰাৰ্থিত্ব দিয়াৰ কথা বিজেপিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

তিনি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা বিজেপিৰ

সৌ-সিদিনা কংগ্ৰেছ দল(Congress) ত্যাগ কৰি বিজেপিত যোগ দিছিল সুশান্ত বৰগোহাঁইয়ে । একেদৰে AIUDF এৰি বিজেপিলৈ আহিছিল ফণী তালুকদাৰ । যাৰ ফলত থাওৰা, মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিত উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰিছিল ।

আগন্তুক 30 অক্টোবৰত এই তিনিটা সমষ্টিৰ উপৰিও গোঁসাইগাঁও(Gossaigaon Constituency) আৰু তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । উক্ত সমষ্টি দুটা ইতিমধ্যে বিজেপিয়ে মিত্ৰদল ইউ পি পি এল(UPPL)ক এৰি দিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :কুনকি হাতীৰ বুকুৰ মাজত উমলিছে এটি বনৰীয়া হাতীৰ পোৱালি

ABOUT THE AUTHOR

...view details