অসম

assam

ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নিঃচিহ্ন হৈছে: ৰিপুণ বৰা - পাঁচটা গেৰান্টি

সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, "প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত বিজেপি এতিয়া "কনফিউজড্"। তেওঁলোকৰ নেতাসকলে কোনে কি কয় তাৰ হিচাপ নোহোৱা হৈছে । সেয়েহে সাধাৰণ জনতাক বিভ্ৰান্ত কৰিবলৈ কোটি কোটি টকা ব্যয় কৰি বাতৰি কাকতত কৌশলী বিজ্ঞাপন দিবলগীয়া হৈছে ৷

প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নি:চিহ্ন হৈছে: ৰিপুণ বৰা
প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নি:চিহ্ন হৈছে: ৰিপুণ বৰা

By

Published : Mar 29, 2021, 3:18 PM IST

গুৱাহাটী, ২৯ মাৰ্চ:"প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত বিজেপি এতিয়া "কনফিউজড্" । তেওঁলোকৰ নেতাসকলে কোনে কি কয় তাৰ হিচাপ নোহোৱা হৈছে । সেয়েহে সাধাৰণ জনতাক বিভ্ৰান্ত কৰিবলৈ কোটি কোটি টকা খৰছ কৰি বাতৰি কাকতত কৌশলী বিজ্ঞাপন দিবলগীয়া হৈছে, যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনিৰ আটাইকেইখন আসন বিজেপিয়ে লাভ কৰিব।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বৰাই কয়, প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নিঃচিহ্ন হৈছে । বিজেপি এতিয়া বিভ্ৰান্ত ৷

প্ৰথম পৰ্যায়ৰ ভোটত বিজেপি প্ৰায় নিঃচিহ্ন হৈছে: ৰিপুণ বৰা
লগতে ৰিপুণ বৰাৰ দাবী, কিছুদিনৰ আগলৈকে বিজেপিৰ সভাপতিয়ে দাবী কৰিছিল যে প্ৰথম পৰ্যায়ত চল্লিশখন আসন বিজেপিয়ে লাভ কৰিব । অমিত শ্বাহে ক'লে ৩৬ খন লাভ কৰিব । আচলতে বিজেপি এতিয়া নিজেই কনফিউজড্ । ক‌ংগ্ৰেছে বিজেপিৰ দৰে অবাস্তৱ প্ৰতিশ্ৰুতি নিদিয়ে । কংগ্ৰেছে যি পাঁচটা গেৰান্টিৰ কথা কৈছে সেয়া বাস্তৱসন্মত । সেয়েহে কংগ্ৰেছে পাঁচ লাখ চৰকাৰী চাকৰিৰ গেৰান্টি দিয়াৰ পিছত এতিয়ালৈকে এক লাখ সত্তৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে । বিজেপিয়ে ইতিমধ্যে ভৰিৰ তলৰ মাটি হেৰুৱাইছে আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি ধূলিস্যাৎ হ'ব ৷

ABOUT THE AUTHOR

...view details