অসম

assam

ETV Bharat / state

Lok Sabha election 2024: আসন ভাগ-বাটোৱাৰাক লৈ বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক - BJP alliance meeting in Assam

সন্ধিয়া ৬ বজাত আমিনগাঁওস্থিত লোকনিৰ্মাণ অতিথিশালাত বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত থাকিব বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব ।

Lok Sabha election 2024
Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:46 PM IST

গুৱাহাটী, ১৫ নৱেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে মিত্ৰদল অগপ আৰু ইউ পি পি এলক কেইখন আসন তথা কোন কোন সমষ্টি এৰি দিব ? দীৰ্ঘদিন ধৰি হৈ থকা এই চৰ্চাৰ আজি অন্ত পৰাৰ সম্ভাৱনা আছে । বুধবাৰে সন্ধিয়া ৬ বজাত আমিনগাঁওস্থিত লোকনিৰ্মাণ অতিথিশালাত বিজেপি মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ।

যিখন বৈঠকত বিজেপি, অগপ আৰু ইউ পি পি এলৰ নেতৃত্বই অংশ গ্ৰহণ কৰিব । বৈঠকত মূলতঃ আসন বুজাবুজি আৰু মিত্ৰদলৰ নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলোচনা হ'ব বুলি দলীয় সূত্ৰে জানিব পৰা গৈছে । আজিৰ বৈঠকতে আসন ভাগ-বাটোৱাৰৰ টো চূড়ান্ত কৰাৰো সম্ভাৱনা আছে ।

১১ প্লাছৰ লক্ষ্যৰে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা বিজেপিয়ে আসন ভাগ-বাটোৱাৰাক লৈ মিত্ৰদলৰে আনুষ্ঠানিক বৈঠক অনুষ্ঠিত নকৰিলেও কিন্তু সকলো একপ্ৰকাৰৰ চূড়ান্ত কৰিছে । আজিৰ বৈঠকত আনুষ্ঠানিকভাৱে বিষয়টো আলোচনা কৰি চূড়ান্ত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত ১৫ টা বিৰোধী ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চ গঠন কৰাৰ পাছত বিশেষভাৱে তৎপৰ হৈ পৰিছে বিজেপি মিত্ৰজোঁট । অগপ আৰু ইউ পি পিএলক এখনকৈ আসন এৰি দিয়া হ’ব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দিল্লীত ঘোষণা কৰাৰ পাছতেই মিত্ৰদল অগপত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । কেইবাজনো শীর্ষ নেতা আৰু অগপৰ তৃণমূলৰ কৰ্মীয়ে ইয়াৰ বিৰোধিতা কৰিছিল ।

অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল । অগপত দেখা দিয়া অসন্তুষ্টিৰ পাছতে আসন ভাগ-বাটোৱাৰক লৈ বিজেপিয়ে আলোচনা কৰিবলৈ ১১ নৱেম্বৰত বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল । উক্ত বৈঠকৰ বাবে ১১ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময় দিব নোৱাৰাত বৈঠক ১৫ নৱেম্বৰ লৈ পিছুৱাই দিয়া হয় ।

সেই অনুসৰি আজি বিয়লি ৬ বজাত আমিনগাঁওস্থিত লোকনিৰ্মাণ অতিথিশালাত বিজেপি, অগপ আৰু ইউ পি পি এলৰ বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি তিনিওটা দলৰ সভাপতি ক্ৰমে ভৱেশ কলিতা, মন্ত্ৰী অতুল বৰা আৰু প্ৰমোদ বড়ো উপস্থিত থাকিব । আসনক কেন্দ্ৰ কৰি মিত্ৰদল অগপত দেখা দিয়া অসন্তুষ্টি আজিৰ বৈঠকত দূৰ হোৱাৰ সম্ভাৱনা আছে ।

আজিৰ বৈঠকত বহু বিষয় স্পষ্ট হ’ব । অগপই আপোচ কৰিব নে নিজৰ সিদ্ধান্তত অটল থাকিব সেয়া বৈঠকৰ পাছতেহে জানিব পৰা যাব । আজিৰ বৈঠকখন অগপ আৰু ইউ পি পি এল দলৰ নেতা-কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । এক কথাত ক’বলৈ গ'লে অগপ আৰু ইউ পি পি এলৰ আগন্তুক ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণ হ’ব এই বৈঠকখনতে ।

লক্ষণীয় বিষয় যে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই বাৰম্বাৰ দাবী কৰি আহিছে যে এই পর্যন্ত বিজেপি আৰু অগপৰ মাজত আসনক লৈ কোনো ধৰণৰ আলোচনাই হোৱা নাই । ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য মতে আসনৰ ভাগ-বাটোৱাৰৰ বিষয়টো এক প্ৰকাৰে হৈ গৈছে । এইক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই দল দুটাৰ মাজত । চূড়ান্ত তালিকা নতুন দিল্লীৰ পৰা ঘোষণা হ’ব । এই বিষয়ত বিশেষ একো কথা নাই । আসনক লৈ এইবাৰ কোনো সমস্যাই নাই বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিবলগীয়া আসনৰ বিষয়ে বিশদ আলোচনা হৈছিল । যিখন বৈঠকত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি উপস্থিত আছিল । এই বৈঠকৰ পিছতে সভাপতি কলিতাই অগপ দলক এখন আসন এৰি দিয়াৰ কথা ঘোষণা কৰিছিল ।

এই ঘোষণাৰ পাছতে ইয়াৰ বিৰোধিতা কৰি অপগ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কমেও চাৰিখন আসনৰ দাবী উত্থাপন কৰিছিল । জানিব পৰা মতে বিজেপিয়ে নিজে ১১খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মিত্ৰদল অগপক দুখন আৰু ইউ পি পি এলক এখন আসন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে সকলো কথা আজিৰ বৈঠকৰ পাছতেহে স্পষ্ট হ'ব ।

লগতে পঢ়ক:Lok Sabha election 2024: ২০২৪ ৰ লোকসভাত বিজেপিৰ কোন কোন সাংসদৰ কটা যাব টিকট ?

ABOUT THE AUTHOR

...view details