গুৱাহাটী,4 চেপ্তেম্বৰ:বানে ধোৱা ৰাজ্যত ক্ৰমাৎ সলনি হৈছে পৰিৱেশ ৷ এটোপ দুটোপ নিয়ৰৰ সিক্ত টোপালবোৰে আদৰি লৈছে কবিৰ প্ৰিয় ঋতু শৰতক ৷ শৰৎ মানেই যেন উছৱৰ বতৰা ৷ কিন্তু এইবাৰ ৰাজ্যত ব্যতিক্ৰমী পৰিৱেশ ৷ কিয়নো ৰাজ্যত এতিয়াও সংক্ৰমণ হ্ৰাস হোৱা নাই কৰ’ণাৰ ৷ সেয়ে ম্লান হৈ ৰৈছে উছৱৰ আগমনৰ উছাহ ৷ এই শৰততে অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা ৷ কিছুদিন পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজা ৷ কিন্তু পূজাৰ বাবে পূৰ্বৰ দৰে নাই কোনো উছাহ উদ্দীপনা ৷ ব্যস্ততা নাই মৃৎ শিল্পীসকলৰ মাজতো ৷ তদুপৰি পূৰ্বৰ দৰে এইসকল শিল্পীৰ ওচৰত কোনো পূজা কমিটিয়ে মূৰ্তিৰ বাবে আগতীয়াকৈ কৰি থোৱা নাই বুকিং ৷ ফলত পূৰ্বৰ তুলনাত কম সংখ্যক মূৰ্তি নিৰ্মাণ কৰিছে মৃৎ শিল্পীসকলে ৷
সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ - কৰ’ণা ভাইৰাছ
অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷

সমাগত বিশ্বকৰ্মা পূজা
মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ
অন্য বৰ্ষত পূজাৰ পূৰ্বে বিৰ দি বাট নোপোৱা অৱস্থা হোৱা মহানগৰীৰ লাচিত নগৰৰ মূৰ্তিৰ বিপণীসমূহত এতিয়া মাথো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ৷ কিয়নো এইসমূহ বিপণীত কৰ’ণা ভাইৰাছৰ বাবে অহা নাই কোনো অৰ্ডাৰ ৷ তদুপৰি মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী সমূহৰো কৰ’ণাৰ বাবে অত্যধিক দাম হোৱা বুলি শিল্পীসকলে প্ৰকাশ কৰিছে ৷ ফলত একপ্ৰকাৰ সমস্যাৰ সন্মুখীন হৈছে মূৰ্তি নিৰ্মাণকাৰী মৃৎ শিল্পীসকল ৷